60
ডিব্ৰুগড়ঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে কৃষক নেতা অখিল গগৈক। বুধবাৰে গোলাঘাটৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক নেতাগৰাকীক।
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাত ৰুজু হোৱা এটি গোচৰৰ ভিত্তিত অখিলক গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা নিজা বাসগৃহৰ পৰা দুপৰীয়াৰ ভাগত গ্ৰেপ্তাৰ কৰা হয় কৃষক নেতাগৰাকীক। সেই সময়ত টেলিভিছনত বাতৰি চাই আছিল অখিলে।