ডিব্ৰুগড়ঃ দীনদয়াল উপাধ্যায় কলেজৰ নামফলক মচি কলা গুৰু বিষ্ণুৰাভাৰ নামেৰে নামকৰণ কৰাত গোৱালপাৰাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰে অসম চৰকাৰ তথা অসম আৰক্ষীয়ে৷
অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে পিছতেই সমগ্র অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ কেইবাটাও দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক নেতা অখিল গগৈক আক্ৰোশমূলকভাৱে দুধনৈ আৰক্ষীয়ে পুণৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে চাবুৱা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, চাবুৱা আঞ্চলিক মটক ছাত্ৰ সন্থা, সন্মিলিত অসমীয়া যুৱ শক্তি অসম, মানৱ অধিকাৰ সংগ্ৰাম সমিতি অাৰু সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে।