71
বাঘবৰঃ বৰপেটা জিলাত বাঢ়নী পানীত পৰি আজি পুনৰ মৃত্যু ঘটে আন এটি শিশুৰ। জিলাখনৰ বাঘবৰ থানাৰ অন্তৰ্গত কণৰা গাঁৱত সলিল সমাধি ঘটে ছুনিয়া পাৰবিন নামৰ আঢ়ৈ বছৰীয়া শিশুটিৰ।
জানিব পৰা মতে, ছিদ্দিক আলী নামৰ লোকজনৰ কন্যা ছুনিয়াই ঘৰতে আপোনমনে খেলি আছিল। তেনেতে ঘৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি যায় ছুনিয়া।