লংকাঃ হোজাই বন সংমণ্ডলৰ অন্তৰ্গত হোজাইৰ হাৱাইপুৰত আজি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ৷ কিয়নো মৃত হাতীটোৰ দেহৰ পৰা উদ্ধাৰ হৈছে এটি বন্দুকৰ গুলীৰ দৰে সামগ্রী। হাতীটোৰ দেহত স্পষ্ট আঘাতৰ চিন থকাৰ প্ৰতি লক্ষ্য কৰি হাতীটো কোনোবাই হত্যা কৰিছে বুলি একাংশ স্থানীয় ৰাইজে মন্তব্য কৰিছে৷
আনহাতে আন একাংশই হাতীটো বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুবৰণ কৰা বুলি মতামত ব্যক্ত কৰিছে৷ হোজাই হাৱাইপুৰ গাঁৱৰ বীৰেন্দ্ৰ চৌহান নামৰ ব্যক্তিজনৰ বাৰীৰ পাছফালে থকা কুহিয়াৰ খেতিডৰাত উদ্ধাৰ হৈছে এই মৃত হাতীটো৷ হাতীটোৰ মৃত্যুৰ উপযুক্ত কাৰণ উদ্ধাৰ কৰিবলৈ চিকিৎসকে চেষ্টা অব্যাহত ৰাখিছে আৰু পৰীক্ষা নিৰীক্ষা চলাই আছে৷