গোলকগঞ্জঃ কাৰ্বি আংলঙত বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ নামনিৰ ধুবুৰী জিলাত এগৰাকী সাংবাদিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়৷ যোৱা ১২ ফেব্ৰুৱাৰীত কাৰ্বি আংলঙত তিনিগৰাকী সাংবাদিকক অতৰ্কিতে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনা চাঞ্চল্য অব্যাহত থকাৰ সময়তে ধুবুৰী জিলা সদৰত শুকুৰবাৰে নিশা ধুবুৰী টাউন ক্লাৱৰ সমীপত সাংবাদিক ছায়েদ আলী খানক আক্ৰমণ কৰে কোনো দুৰ্বৃত্তই৷
সাংবাদিকগৰাকীক উঠাই লৈ যোৱাৰ চেষ্টা কৰাৰ সময়তে কেইগৰাকীমান লোকৰ চেষ্টাত হে ৰক্ষা পৰে সাংবাদিকগৰাকী৷ সমাজখনৰ বাবে ৰ’দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰা সাংবাদিকসকলক মাৰধৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ বাবে বাটৰ হেঙাৰ হৈ পৰে। বাটৰ হেঙাৰ আতৰাবলৈ সাংবাদিকক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়৷