ঢেকীয়াজুলিঃ নগাঁৱত অসমীয়া যুৱকক অনা অসমীয়াই আক্ৰমণ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই শুকুৰবাৰে নিশা ঢেকীয়াজুলি চহৰত দুৰ্ভাগ্যজনক অনুৰূপ ঘটনা সংঘটিত হয়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সদস্য শনি দৈমাৰীক তিনিজনীয়া বঙালী সম্প্ৰায়ৰ যুৱকে নিৰ্মক ভাৱে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷

এই ঘটনাই এতিয়া সমগ্ৰ ঢেকীয়াজুলিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আছু, যুৱ ছাত্ৰ পৰিষদ, এবছুকে ধৰি বিভিন্ন খিলঞ্জীয়া ছাত্ৰ সংগঠনে এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে৷

CLICK ►​ এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

ঘটনা সন্দৰ্ভত আক্ৰমনৰ বলি হোৱা এজে ৱাই ছি পিৰ প্ৰাক্তন সদস্য শনি দৈমাৰীয়ে জনোৱা মতে শুকুৰবাৰে নিশা ১০মান বজাত বৰষুন দি থকা বাবে তেওঁ ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত থকা আছুৰ শ্বহীদ বেদিৰ কাষতে থকা হোটেল পেৰামাউণ্ডত ওচৰত ৰখে৷ সেই সময়ত তিনিজনীয়া যুৱকৰ দল এটাই আছুৰ শ্বহীদ বেদীত প্ৰস্ৰাৱ কৰা প্ৰত্যক্ষ কৰে৷

CLICK ►​ ​এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

শনি দৈমাৰীয়ে লগে লগে সেই স্থানত গৈ  তিনিজনীয়া যুৱকৰ দলটোক বাধা প্ৰদান কৰাত দিয়াত তেঁওলোকৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয়৷ আৰু তাৰ পিচতেই বঙালী সম্প্ৰদায়ৰ যুৱকৰ দলটোৱে শনি দৈমাৰীৰৰ ওপৰত শাৰিৰীক ভাৱে আক্ৰমন কৰি গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত কৰে৷ তিনিওজন যুৱকে এজে ৱাই ছি পিৰ প্ৰাক্তন সদস্য শনি দৈমাৰীক আক্ৰমন কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

তিনিজনীয়া যুৱকৰ দলটোৰ আক্ৰমণৰ বলি হৈ নাক আৰু দেহৰ বিভিন্ন স্থানত আঘাত প্ৰাপ্ত শনি দৈমাৰীয়ে উক্ত স্থানত আৰ্তনাদ কৰি থকা পথেৰে যোৱা একাংশই প্ৰত্যক্ষ কৰাত দৈমাৰীক ঘটনা স্থলীৰ পৰা উদ্ধাৰ কৰি ঢেকীয়াজুলিস্থ মনবৰ নাথ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে৷ ইপিনে ঘটনা সন্দৰ্ভত নিশাই ভুক্তভূগি শনি দৈমাৰীয়ে ঢেকীয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আজি আক্ৰমণ সংঘটিত কৰা বাপন মণ্ডল(২০), টিংকু দেৱ(২৮), আৰু পাৰ্থপ্ৰতীম গোপ(২৮) নামৰ তিনিওজন উদণ্ডক গ্ৰেপ্তাৰ কৰিছে৷

CLICK ►​ ​এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

খিলঞ্জীয়া যুৱকৰ ওপৰত অনা অসমীয়া যুৱকৰ প্ৰাণেমৰাৰ ভাবুকি আৰু নিৰ্মম আক্ৰমনৰ ঘটনাকলৈ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নিখিল বড়ো ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আমছু, মুছলিম যুৱ পৰিষদ, মুছলিম ছাত্ৰ সন্থা আদি সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰশাসনক ইয়াৰ উচিত ব্যৱস্থা লবলৈ দাবী জনোৱাৰ লগতে অপশক্তিৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দিয়ে৷ শান্তি বিনষ্ট কৰিবলৈ একাংশই এইদৰে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰা ঘটনাটোকলৈ ঢেকীয়াজুলিৰ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে৷ 

CLICK ►​ ​এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

ইপিনে শুকুৰবাৰে নিশা ঢেকীয়াজুলিত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ শোণিতপুৰ জিলা সভাপতি বিপ্লৱ দাসে তীব্ৰ ভাষাৰে নিন্দা কৰিছে৷ সংগঠনটোৰ নেতাগৰাকীয়ে কয় যে ঢেকীয়াজুলিত আছুৰ শ্বহীদ বেদীত তিনিজনীয়া উদণ্ড যুৱকে প্ৰস্ৰাৱ কৰিবলৈ উদ্যত হোৱা ঘটনা যদি সংঘটিত হৈছে ই চৰম দুৰ্ভাগ্যজনক৷ অঞ্চলটোত শান্তি সম্প্ৰতি ৰক্ষাৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহযোগ কৰিব বুলি বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ জিলাৰ সভাপতি বিপ্লৱ দাসে জনাইছে৷