কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ সাপকাটাৰ পলাশগুৰী গাঁওৰ যমন হেমব্ৰম অাৰু ছোনীয়া টুডু নামৰ এহাল দম্পত্তিক ডাইনী সন্দেহত হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাঁওতেই জিলাখনৰ সুতাৰপাৰাত পুনৰাই ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
ডাইনী সন্দেহত হত্যাৰ বলি হোৱা মহিলাগৰাকী সুতাৰপাৰাৰ কুমিলা মুৰ্মু (৫০)বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি সুতাৰপাৰাৰ বিধৱা মহিলা কুমিলা মুৰ্মু যোৱা ২৭ মাৰ্চৰ পৰা সন্ধানহীন হৈ অাছিল। কালি অৰ্থাৎ ২ এপ্ৰিলৰ দিনাখন কুমিলা মুৰ্মুৰ লৰা ৰাজা সৰেনে সন্ধানহীনতাৰ বিষয়ে বালাজান উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, কোকৰাঝাৰ সদৰ চহৰৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন চৌধুৰী আৰু বালাজান উপ অাৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচৰ নেতৃত্বত কালি নিশাৰে পৰা সুতাৰপাৰা এলেকাত অভিযান চলায় ।