'বয়সে পঞ্চাশৰ দেওনা পাৰ কৰিছে। কিন্তু জুবিন আজিও এটি শিশু হৈয়ে আছে! জুবিন শিশুৰ দৰেই চঞ্চল, শিশুৰ দৰেই অবোধ! জুবিনে শিশুৰ দৰেই যি মন যায় তাকে কৰে, জুবিনে শিশুৰ দৰে মুখলৈ যি আহে তাকেই বলকি দিয়ে। জুবিন এটি শিশু, আনে কি ক’ব, কি ভাৱিব সেয়া খাতিৰ নকৰা জুবিন সঁচাকৈয়ে এটি শিশু!’

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ কণ্ঠশিল্পী জুবিন গাৰ্গক লৈ প্ৰায়ে এইদৰে কোৱা শুনা যায় অসমীয়াক। একেখিনি কথাই তেওঁৰ অনুৰাগী আৰু তেওঁক বেয়া পোৱা সকলে আলোচনা কৰে। পাৰ্থক্য কেৱল এটাই- অনুৰাগীসকলে যদি এইখিনি কথা জুবিনৰ সমৰ্থনত তেওঁৰ শিশুসুলভ মনটোৰ বৰ্হিপ্ৰকাশ ঘটাই কয়, তেন্তে বেয়া পোৱা সকলে আকৌ একেখিনি কথাকেই জুবিনক সমালোচনা কৰিবলৈ ব্যৱহাৰ কৰে।

বৰ্তমান জুবিনক লৈ পুনৰ এইদৰেই আলোচনা চলিছে। সামাজিক মাধ্যমত জুবিনক লৈ একপ্ৰকাৰ সমালোচনাৰ ধুমুহা বলিছে। আকৌ এবাৰ জুবিন গাৰ্গক শিশু বুলি অভিহিত কৰা হৈছে। কিন্তু এইবাৰ জুবিনক সমালোচনা কৰি বহুতে কৈছে, জুবিন এতিয়া শিশুৰ পৰা ডাঙৰ হোৱাৰ সময়।

কিয় এই সমালোচনা?

দৰাচলতে কণ্ঠশিল্পী জুবিন গাৰ্গক লৈ এই সমলোচনা আৰু বিতৰ্কৰ সূত্ৰপাত তেওঁৰ এটা মন্তব্যক লৈ। এটা ৰাজনৈতিক দলক ৰাজহুৱাভাৱে 'ফটুৱা’ বুলি অভিহিত কৰিছিল জুবিন গাৰ্গে। ইয়াৰ পিছতে জুবিনক লৈ সৰৱ চৰ্চা আৰম্ভ হয় সমগ্ৰ ৰাজ্যজুৰি। তেওঁৰ সমৰ্থকসকলৰ একাংশই তেওঁৰ পক্ষত থিয় হৈ জুবিনৰ মন্তব্যক যুক্তিসংগত বুলি প্ৰমাণ কৰাৰ প্ৰয়াস চলোৱাৰ বিপৰীতে অধিকাংশ লোকেই জুবিনক সমালোচনাৰে থকাসৰকা কৰা দেখা গৈছে। সুদীৰ্ঘ সাংগীতিক কেৰিয়াৰত ইয়াতকৈ বেছি সমালোচনাৰ সন্মুখীন তেওঁ কেতিয়াও হোৱা নাছিল বুলিও এতিয়া চৰ্চা চলা দেখা গৈছে।

কটন বিশ্ববিদ্যালয়ত জুবিন গাৰ্গৰ ৩০ বছৰীয়া সংগীত যাত্ৰা উদযাপনৰ বাবে যোৱা ২৮ আগষ্টত অনুষ্ঠিত কৰা হৈছিল এক অনুষ্ঠানৰ। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল পত্নী গৰিমা শইকীয়াসহ জুবিন গাৰ্গ। অনুষ্ঠানত কটনিয়ানৰ সৈতে নিজৰ সাংস্কৃতিক যাত্ৰাৰ অভিজ্ঞতা ভাগ-বতৰা কৰাৰ সময়তে তেওঁক কোনোৱে সোধে এক ৰাজনৈতিক প্ৰশ্ন। সেই প্ৰশ্ন উত্তৰ দিবলৈ গৈ জুবিন গাৰ্গে কয়, 'মই বিজেপিও নহয়, কংগ্ৰেছো নহয়, এজিপিও নহয়, এই যে 'ফটুৱা’ পাৰ্টী এটা আছে কি নাম... অ’ এজেপি.. মই সেইবিলাক একো নহয়, আই এম এ ছ’চিয়েল লেফ্টিষ্ট। মই মানুহৰ বাবে কাম কৰো।’

এজেপি অৰ্থাৎ অসম জাতীয় পৰিষদ এটা 'ফটুৱা’ পাৰ্টী! এখন ৰাজহুৱা মঞ্চত বহি এখন সন্মানীয় বিশ্ববিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত সুৰৰ যাদুকৰখ্যাত হাৰ্টথ্ৰৱ জুবিন গাৰ্গে এনেদৰে এটা ৰাজনৈতিক দলক কটাক্ষ কৰা কাৰ্যই জোকাৰি যায় সমগ্ৰ ৰাজ্য। 'কা’ আন্দোলনৰ পিছত গঠন হোৱা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এই আঞ্চলিকতাবাদী দলটোক জুবিন গাৰ্গে কৰা অপমানক লৈ সৰৱ হৈ উঠে অনেক লোক।

কিন্তু কেৱল ইমানতেই ক্ষান্ত থকা নাছিল জুবিন গাৰ্গ। অনুষ্ঠানৰ পৰা ওলাই অহাৰ পিছতো সংবাদ মাধ্যমৰ সন্মুখত তেওঁ পুনৰ ক’লে, ''এজেপি ফটুৱা পাৰ্টীয়েইতো। মোৰ লগত একেলগে কা আন্দোলন কৰি পিছত দল খুলিছে।’’ এই মন্তব্যৰ পিছত আকৌ এবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰে জুবিন গাৰ্গ।

'ফটুৱা’ শব্দৰ অৰ্থ কি?

ফটুৱা এটা অতি জনপ্ৰিয় শব্দ। অসমৰ অধিকাংশ লোকেই কথাৰ মাজত এই শব্দটো ব্যৱহাৰ কৰে। সাধাৰণতে যি-তি কথা কৈ ফুৰা লোকক বুজাবলৈ এই ফটুৱা শব্দটো ব্যৱহাৰ কৰা হয়। ফটুৱা শব্দটোৰ আভিধানিক অৰ্থ হৈছে অতি বেছিকৈ অদৰকাৰী কথা কোৱা লোক। ফটুৱাৰ আন কেতবোৰ সমাৰ্থক শব্দবোৰ হৈছে, 'অতিবক্তা, কথকী, কথা চহকী, চালপেনীয়া, চেলবেলীয়া, বহু-বক্তা, বহুবল্কী, বহুভাষী, বাচাল, বৰকথকী, মুখেশ্বৰ, মুখৰ, মেলেকী আৰু লাউপাত কচুপাত।

হেমকোষ অভিধানতো 'ফটুৱা’ শব্দটোৰ উল্লেখ আছে। হেমকোষত থকা মতে 'ফটুৱা’ শব্দটো হৈছে বিশেষণ। ইয়াৰ অৰ্থ দিয়া আছে এইধৰণে, 'ফটফটাই ফুৰা, চেলচেলীয়া, অকামিলা, সম্পত্তিহীন।' শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Worthless'।

কেনেকৈ জন্ম হৈছিল জুবিনে ফটুৱা আখ্যা দিয়া দলটোৰ?

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি এক আন্দোলনমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল ২০১৯ চনত। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আৰম্ভ কৰা এই আন্দোলনত জঁপিয়াই পৰিছিল ৰাজ্যৰ প্ৰায় প্ৰতিটো আঞ্চলিক সংগঠন আৰু বিৰোধী। দিনৰ পিছত দিনধৰি আন্দোলনত জ্বলিছিল সদাব্যস্ত গুৱাহাটী মহানগৰী। একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল জীৱন যাত্ৰা। এই আন্দোলনৰ সময়ছোৱাতে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ৫ জনকৈ অসমীয়া ডেকাই। 

নাগৰিকত্ব সংশোধনী বিধেয়ক (পিছলৈ সংশোধনী আইন)ৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিল ৰাজ্যৰ বিশিষ্ট বুদ্ধীজীৱী, সাহিত্যিক, অভিনেতা, কলা-কুশলী, শিল্পীসমাজ সকলো। আন্দোলনৰ প্ৰধান মুখ হৈ পৰিছিল বৰষাৰাণী বিষয়া, ৰবি শৰ্মা আদিসকল। যাৰ ভিতৰত প্ৰধান মুখখনেই আছিল কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ সতে একেলগে প্ৰতিবাদ কৰিছিল জুবিন গাৰ্গে। মঞ্চৰ পৰা তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীক 'কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ উৎসাহিত কৰিছিল। এই আন্দোলনৰ সময়তে জুবিনে এবাৰ কৈছিল এটা নতুন ৰাজনৈতিক দল খোলাৰ কথা।

প্ৰতিবাদৰ সময়ত জুবিন গাৰ্গে কৈছিল, 'এতিয়া আমাৰ হাতত বিকল্প নাই। আমি বিজেপিকো সমৰ্থন কৰিব নোৱাৰো, কংগ্ৰেছ, অগপকো সমৰ্থন কৰিব নোৱাৰো। সেয়ে ২০২১ৰ বাবে আমাক এটা শক্তিশালী আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ প্ৰয়োজন।’’

ইয়াৰ পিছতে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০২০ চনৰ ছেপ্তেম্বৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একাংশ সদস্য ওলাই আহি গঠন কৰে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। নাম দিয়া হয় অসম জাতীয় পৰিষদ। আছুৰ তদানীন্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে প্ৰায় দুমাহ পিছত অৰ্থাৎ ২১ নৱেম্বৰত ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰি অসম জাতীয় পৰিষদৰ প্ৰথমগৰাকী সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে।

২০২১ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে অখিল গগৈৰ ৰাইজৰ দলৰ সৈতে মিলি ৮২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও সৰ্বমুঠ ভোটৰ ৩.৬৬ শতাংশ ভোট লাভ কৰি পৰাস্ত হয়। সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনত নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াই যদিও দুয়োটা সমষ্টিতে পৰাজিত হয়। নিৰ্বাচনত ৰাইজৰ দলৰ হৈ কেৱল অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰে।

লুৰিণজ্যোতি গগৈ কোন?

তিনিচুকীয়া জিলাৰ গ্ৰামপুলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত মৰংকাৰী গাঁৱত জন্মগ্ৰহণ কৰা লুৰিণজ্যোতি গগৈয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে লাইপুলি ১নং প্ৰাথমিক বিদ্যালৰ পৰা। তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষা সমাপ্ত কৰে। পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়খনৰ পৰাই তেওঁ গণিত বিষয়ত পিএইছডি ডিগ্ৰীও গ্ৰহণ কৰে।

পঢ়ি থকা সময়ত লুৰিণজ্যোতি গগৈয়ে নিজৰ পিতৃক খেতি-বাতিতো সহায় কৰিছিল। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত গ্ৰীষ্ম বন্ধ আৰু শীতৰ বন্ধত প্ৰায়েই খেতি পথাৰলৈ গৈছিল লুৰিণজ্যোতি গগৈ। 'মই খেতি পথাৰলৈ গৈ ভাল পাইছিলো। হাইস্কুলত পঢ়ি থাকোতে এবাৰ ছাৰে মোৰ কাণত লাগি থকা বোকামাটি দেখুৱাই ধুই দিবলৈ কৈছিল আৰু মই পথাৰৰ পৰা পোনে পোনে স্কুললৈ আহিছো নেকি বুলি সুধিছিল।’-এক সাক্ষাৎকাৰত নিজৰ বিষয়ে এইদৰে মন্তব্য কৰিছিল লুৰিণজ্যোতিয়ে। 

ছাত্ৰ জীৱনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ অহা লুৰিণজ্যোতি গগৈ আছুৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল ২০১৫ চনত। আছুৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত তেওঁৰ নেতৃত্বতে চৰকাৰ বিৰোধী কেইবাটাও প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ সংগঠনটোৱে। ২০১৯ৰ 'কা’ বিৰোধী আন্দোলনত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল লুৰিণজ্যোতি গগৈয়ে।

ল’ৰামতীয়া জুবিন গাৰ্গ আৰু বিতৰ্ক

যেতিয়াই তেতিয়াই যি-তি আচৰণ আৰু মন্তব্য কৰি প্ৰায়ে বিতৰ্কৰ সূচনা কৰা কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাবে বিতৰ্ক নতুন বিষয় নহয়। অসমৰ একমাত্ৰ চেলিব্ৰেটী হিচাপে পৰিগণিত হৈ অহা ব্যক্তিজনেই হৈছে জুবিন গাৰ্গ। লাখ লাখ অনুৰাগীৰ দৃষ্টিত অসমীয়া সংগীত জগতৰ বৰ্তমানৰ নায়কগৰাকীয়েই হৈছে জুবিন গাৰ্গ। তাৰ মাজতেই বিগত সময়ছোৱাত বিতৰ্ক আৰু জুবিন একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠ সদৃশ হৈ অহা দেখা গৈছে।

২০১৯ৰ কা আন্দোলনৰ সময়তে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মান ভাৰত ৰত্নৰে মৰণোত্তৰভাৱে সন্মানিত কৰিছিল ভাৰত চৰকাৰে। কিন্তু সেই সময়ত ভাৰত ৰত্নক লৈ জুবিন গাৰ্গে কৰা আপত্তিজনক মন্তব্যৰ এটা অডিঅ’ ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত বহুদিনলৈকে ইয়াক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত আছিল। অৱশ্যে ভাইৰেল অডিঅ’ ক্লিপটো প্ৰকৃততে জুবিনৰ কণ্ঠৰ আছিল নে নাই সেয়া আজিও স্পষ্ট নহ’ল।

একেদৰেই জুবিন গাৰ্গক লৈ এবাৰ বিতৰ্কৰ সূচনা হৈছিল ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰা অপমানজনক মন্তব্যৰ বাবে। তেওঁৰ ছবি কাঞ্চনজংঘাৰ প্ৰচাৰৰ সময়ত লগুণ চিঙি পেলোৱা প্ৰসংগত ব্ৰাহ্মণ সম্প্ৰদায়ক অপমান কৰাৰ অভিযোগ তুলি কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছিল ব্ৰাহ্মণ সংগঠনসমূহে। এবাৰ আকৌ আলফাৰ হুংকাৰক প্ৰত্যাহ্বান জনাই বিহু মঞ্চত হিন্দী গান গাবই বুলি জিদ ধৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল জুবিন গাৰ্গ। 

এনে বহু বিতৰ্কৰে ভৰি আছে অসমৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ সাংস্কৃতিক আৰু ব্যক্তিগত জীৱন যাত্ৰা। খুঁটাত বগাই যোৱা, মঞ্চত সুৰাপান কৰি পেণ্ট খুলি পেলোৱাৰ পৰা মঞ্চত গীতৰ মাজতে হঠাৎ অশ্লীল শব্দ প্ৰয়োগ কৰালৈকে বহু বিতৰ্কই জুবিন গাৰ্গক লামলাইটত ৰাখি আহিছে।

জুবিন গাৰ্গ সুবিধাবাদী নেকি? 

২০১৯ চনৰ কা আন্দোলনৰ সময়ত চৰকাৰক কঠোৰ সমালোচনা কৰা জুবিন গাৰ্গক লৈ 'সুবিধাবাদী’ শব্দটোৰ প্ৰয়োগ হৈছিল ২০২১ত গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ সময়ত। সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আলিংগন কৰাৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে জুবিন গাৰ্গে চৰকাৰৰ সৈতে হাত মিলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল বহুজনে। 

'কা’ আন্দোলন কৰি ক্ষমতাৰ শৰণাপন্ন হোৱা যতীন বৰা, সীমান্ত শেখৰ, বাবু বৰুৱা, বিদ্যাসাগৰ আদিৰ দৰে অভিনেতা-গায়কৰ উদাহৰণ দাঙি ধৰি সেই সময়ত আলোচনা চলিছিল- জুবিনেও ব্যক্তিগত সুবিধা আদায়ৰ বাবে চৰকাৰৰ শৰণাপন্ন হৈছে। জুবিন গাৰ্গ এজন সুবিধাবাদী।

ক’ভিড কালত হঠাৎ অসুস্থ হৈ পৰা জুবিন গাৰ্গক চৰকাৰী খৰছত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বিমানেৰে স্থানান্তৰিত কৰা হৈছিল। সেই সময়তো অনেকে জুবিন গাৰ্গক সুবিধাবাদী বুলি সমালোচনা কৰিছিল। নিজৰ অসুস্থতাৰ বাবে চৰকাৰৰ পৰা সুবিধা আদায় কৰা জুবিন গাৰ্গক লৈ তেতিয়াও অনেকে সামাজিক মাধ্যমত পোষ্ট কৰিছিল। একেদৰে কংগ্ৰেছ চৰকাৰৰ দিনত মাহিলি মাত্ৰ ৭৫০০ টকা উপাৰ্জন দেখুৱাই নিম্ন আয়ৰ লোকৰ বাবে নিৰ্মাণ চৰকাৰী হাউছিঙৰ ঘৰ লোৱা বুলিও জুবিনৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন হোৱা দেখা গৈছে। প্ৰসংগক্ৰমে এই অভিযোগ পুনৰ এবাৰ এতিয়া উত্থাপন কৰিছে অসম জাতীয় পৰিষদে।

শেহতীয়াকৈ জুবিন গাৰ্গৰ মন্তব্যক লৈ সমগ্ৰ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়ত পোহৰলৈ আহিছে জুবিন গাৰ্গৰ ঘনিষ্ঠই জল জীৱন মিছনৰ নামত চৰকাৰৰ পৰা কেইবা কোটি টকীয়া ঠিকা লাভ কৰাৰ প্ৰসংগ। ইয়াৰ পিছতে অজাপ আৰু অন্য বহুতে প্ৰশ্ন কৰিছে, যদি জুবিন গাৰ্গ সুবিধাবাদী নহয়েই, তেন্তে কিদৰে তেওঁৰ সোঁৱে-বাঁওৱে ঘূৰি ফুৰাজনে চৰকাৰৰ পৰা ইমান কোটি টকাৰ ঠিকা লাভ কৰিবলৈ সক্ষম হ’ল? এই সময়ত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া আদি বিজেপি নেতাৰ সৈতে জুবিনৰ এখন ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জুবিন গাৰ্গৰ মন্তব্যক লৈ কাৰ কি প্ৰতিক্ৰিয়া?

কণ্ঠশিল্পী জুবিন গাৰ্গে অসম জাতীয় পৰিষদক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দলটোৰ কেইবাগৰাকীও নেতাই। সমান্তৰালভাৱে প্ৰতিক্ৰিয়া দিছে বিজেপিৰ একাংশ নেতা-মন্ত্ৰীয়েও। অজাপৰ উপ-সভাপতি দুলু আহমেদে জুবিনক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ এজন ৰাজনৈতিক দালাল শিল্পী। জুবিন গাৰ্গে সুৰাৰ নিচাত এনেদৰে আবোল তাবোল বকিছে। আহমেদে কয়, “মোৰ অনুভৱ হৈছে বিজেপিয়ে অজাপৰ ওপৰত ভীতিগ্ৰস্ত হৈ জুবিন গাৰ্গৰ দৰে সুবিধাবাদী আৰু দালাল শিল্পীক আমাৰ দলৰ বিৰুদ্ধে মাত মাতিবলৈ ধন প্ৰদান কৰিছে।”

দুলু আহমেদে জুবিন গাৰ্গক এগৰাকী ৪২০ শিল্পী বুলি অভিহিত কৰি কয়, ''কোনজন শিল্পীয়ে বিহুৰ মঞ্চত অশ্লীল ভাষা ব্যৱহাৰ কৰে? কোনজন শিল্পীয়ে বিহু অনুষ্ঠানৰ সময়ত অনুষ্ঠান পৰিৱেশন কৰি মঞ্চত পেন্ট খুলি দিয়ে? কোনজন শিল্পীয়ে অসুস্থতাৰ অভিনয় কৰি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিবলৈ বিজেপিৰ ধন ব্যৱহাৰ কৰে? তেওঁৰ দৰে সুবিধাবাদী শিল্পীৰ প্ৰতি অসমৰ ৰাইজ সচেতন হ’বলৈ আৰম্ভ কৰিছে।’’

অজাপৰ নেতাগৰাকীয়ে জুবিন গাৰ্গক নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগে বুলিও পৰামৰ্শ দিয়ে। তেওঁ কয়, ‘জুবিন গাৰ্গক নিচামুক্তি কেন্দ্ৰত চিকিৎসাৰ প্ৰয়োজন। হয়তো কিছুদিন নিচামুক্তি কেন্দ্ৰত থকাৰ পিছত তেওঁৰ মনত অসমীয়া জাতীয়বাদৰ অনুভূতি গঢ় লৈ উঠিব। প্ৰয়োজন হ’লে নিচামুক্তি কেন্দ্ৰত তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো খৰচ আমি বহন কৰিম।”

আহমেদে পুনৰ কয়, ''এটা সময়ত অসমৰ ৰাইজে তেওঁক হাৰ্টথ্ৰব বুলি কৈছিল, এতিয়া একেখিনি মানুহেই তেওঁক জাবৰ বুলি কয়। জুবিন গাৰ্গ ডাঙৰীয়া, আপোনাৰ দৰে ৪২০ আৰু সুবিধাবাদী শিল্পী মই কেতিয়াও দেখা নাই। আপোনাৰ টকা থাকিব পাৰে, কিন্তু আপুনি মানুহৰ শ্ৰেণীত নপৰে। আপোনাৰ দৰে এজন আগশাৰীৰ সাংস্কৃতিক ৰাজনৈতিক দালালৰ  সুৰাপান কৰি আমাৰ দলৰ বিৰুদ্ধে মন্তব্য কৰাৰ কোনো অধিকাৰ নাই।’’

অজাপ নেতাগৰাকীৰ এই প্ৰতিক্ৰিয়াৰ লগতে ছ’চিয়েল মিডিয়াতো ভিন্নজনে জুবিনক সমালোচনাৰে থকা-সৰকা কৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াত বিশেষ নজৰ ৰখা একাংশ নেটিজেনৰ মতে এইবাৰ জুবিন গাৰ্গ পূৰ্বতকৈ অধিক সমালোচিত হৈছে। 'এইবাৰ জুবিনক বহুতেই গালি দিছে। আনকি আগতে জুবিনক ছাপৰ্ট কৰা মানুহেও সমালোচনা কৰিছে। বহুতে জুবিনক সংযমী হ’বলৈ পৰামৰ্শ আগবঢ়াইছে। ছ’চিয়েল মিডিয়াত জুবিনক এই বিতৰ্কত ছাপ’ৰ্ট কৰা লোক কম দেখা গৈছে।’-এইদৰে কয় গগৈ উপাধিৰ এগৰাকী সক্ৰিয় নেটিজেনে।

একাংশ লোকে আকৌ জুবিনৰ জৰিয়তে এনে মন্তব্য কৰোৱাই চাকৰি কেলেংকাৰী, ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যু আদিৰ দৰে বিষয়ক লৈ ছ'চিয়েল মিডিয়াত হৈ থকা চৰ্চা নাইকিয়া কৰিবলৈ চৰকাৰে অভিসন্ধি ৰচিছে বুলিও মন্তব্য কৰা দেখা গৈছে। এইসকল লোকৰ প্ৰশ্ন, 'ৰাজ্যত ইমানবোৰ ঘটনা হৈছে। চৰকাৰে ইমান বেয়া কাম কৰিছে। সেইবোৰ এৰি জুবিনৰ পিছত দৌৰি থাকিলে কি হব?'

জুবিনক কি প্ৰত্যুত্তৰ লুৰিণৰ?

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক তেওঁলোকৰ দলৰ বিৰুদ্ধে জুবিন গাৰ্গৰ এনে অপমানজনক মন্তব্যৰ পিছতো পিছে দেখা গ’ল এক ব্যতিক্ৰম ৰূপত। এই বিতৰ্কৰ সূত্ৰপাত ঘটাৰ পিছদিনাও উজনি অসমৰ লেংৰাই গাঁৱত গাঁওবাসীৰ সৈতে নিজে মাটি কাটি এটা বোকাময় কেঁচা পথ চলাচলযোগ্য কৰাৰ কামত নিয়োজিত হৈ থকা দেখা যায় লুৰিণজ্যোতি গগৈক। সামাজিক মাধ্যমত তেওঁৰ সেই ভিডিঅ’ও ভাইৰেল হৈ পৰে।

পৰৱৰ্তী সময়ত লুৰিণজ্যোতিয়ে জুবিন গাৰ্গৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত অতি মাৰ্জিত ভাষাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ''জুবিন গাৰ্গে নিজেই কা আন্দোলনৰ সময়ত আঞ্চলিকতাবাদী দল খোলাৰ বাবে উৎসাহিত কৰিছিল। মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে নিশা চাৰে তিনি বজাত তেওঁ মোলৈ ফোন কৰি উৎসাহ দি কৈছিল- তই পাৰিবি, তোৰ নেতৃত্ব ল’ব পৰা গুণ আছে। আমাৰ দল ৰাইজৰ ওচৰত দায়বদ্ধ, কোনো ব্যক্তি বিশেষৰ বাবে নহয়। আমি কি কৰিছো তাৰ মূল্য ৰাইজে দিব। আমাক কাৰো পৰা চাৰ্টিফিকেট নালাগে।’’

উল্লেখ্য যে পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদক 'ফটুৱা’ বুলি অভিহিত কৰাৰ বাবে ইতিমধ্যে জুবিন গাৰ্গৰ বিৰুদ্ধে মৰিগাঁৱৰ লগতে ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে দলটোৰ আঞ্চলিক সমিতিসমূহে। 

বিতৰ্কক লৈ বিজেপিৰ প্ৰতিক্ৰিয়া

অজাপক লৈ ৰাজ্যৰ অন্যতম জনপ্ৰিয় ব্যক্তি জুবিন গাৰ্গে কৰা অপমানজনক মন্তব্যক এক সুযোগ হিচাপে যেন গ্ৰহণ কৰিছে বিজেপিয়ে। ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আঙুৰলতা ডেকালৈ বিভিন্নজনে এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই কয়, 'জুবিন গাৰ্গে কি প্ৰসংগত কথাষাৰ কৈছে মই নাজানো। কিন্তু তেওঁ সঁচা কথাই কৈছে। কা আন্দোলনৰ গইনা নৈ কেৱল ক্ষমতাৰ লোভত গঠন হৈছিল অসম জাতীয় পৰিষদ। ইতিমধ্যে নিৰ্বাচনত এই দলটোৱে মুখ থেকেচা খাইছে। ভৱিষ্যতেও ৰাইজে শিক্ষা দি যাব।’

ৰাজ্যসভাৰ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গ বিতৰ্কত মন্তব্য কৰিবলৈ গৈ অসম জাতীয় পৰিষদক কংগ্ৰেছ কৃতদাস পাৰ্টী বুলি অভিহিত কৰে। বিৰোধী আঞ্চলিকতাবাদী দলটোক সমালোচনা কৰিবলৈ অলপো ক্ৰুটি নাৰাখিলে পবিত্ৰ মাৰ্ঘেৰিটাই। কংগ্ৰেছে অজাপক কিনি লৈ নিজৰ ভৃত্য কৰি লৈছে বুলি মন্তব্য কৰি জুবিন গাৰ্গৰ মন্তব্যক সঠিক প্ৰমাণ কৰিব বিচাৰে তেওঁ।

একেদৰে আঙুৰলতা ডেকাৰ দৰে প্ৰাক্তন বিধায়ক আৰু বিজেপি মহিলা নেত্ৰীয়েও জুবিন গাৰ্গ বিতৰ্কক লৈ মন্তব্য কৰি অজাপক সমালোচনা কৰাৰ সুযোগৰ সন্ধান কৰে। বিজেপিৰ বিধায়ক দিগন্ত কলিতাই এখোপ ওপৰলৈ গৈ আগন্তক নিৰ্বাচনৰ ফলাফলৰেই ভৱিষ্যদ্বাণী কৰে।

জুবিনৰ মন্তব্যত কাৰ লাভ, কাৰ লোকচান?

বিতৰ্কিত জুবিন গাৰ্গৰ মুখৰ বিতৰ্ক এয়াই প্ৰথম নহয়। পূৰ্বেও তেওঁ বিতৰ্কিত মন্তব্য কৰি আহিছে, ব্যক্তি বিশেষক ৰাজহুৱাকৈ সমালোচনা কৰিছে। বৰ্তমানৰ এগৰাকী কেবিনেট মন্ত্ৰীক তেওঁ এবাৰ টিভিৰ টক শ্ব’ত 'গৰু’ বুলি অভিহিত কৰিছিল। একেদৰেই এইবাৰ অজাপক 'ফটুৱা’ বুলি অভিহিত কৰিছে। সেই সময়ত এজন ব্যক্তিক 'গৰু’ বুলি কওতে ৰং পোৱা সকলেই আজি জুবিনৰ 'ফটুৱা’ মন্তব্যৰ বাবে তেওঁক সমালোচনা কৰিছে। সেই সময়ত জুবিনক সমালোচনাৰে থকাসৰকা কৰা সকলে আজি তেওঁৰ প্ৰশংসাত সামাজিক মাধ্যমত ধাৰাপাত লিখিছে।

বহুতে আশংকা ব্যক্ত কৰিছে- জুবিন যিহেতু এনেকুৱাই, কি ঠিক আজি তেওঁক প্ৰশংসা কৰা সকলৰে কোনোবা নেতাক যদি তেওঁ কাইলৈ ৰাজহুৱাভাৱে অপমান কৰে, তেতিয়া? 

অজাপক লৈ শিল্পীগৰাকীয়ে কৰা মন্তব্যক এক সুযোগ কৰি লৈছে বিশেষকৈ বিজেপিয়ে? সন্মুখত ২০২৪ৰ নিৰ্বাচন। এনে পৰিপ্ৰেক্ষিতত বিৰোধীক হেয় প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত জুবিনৰ মন্তব্য বিজেপিৰ বাবে এক সুৱৰ্ণ সুযোগ হ’ব পাৰে। কিন্তু একেদৰে এয়া এক সুযোগ হ’ব পাৰে আঞ্চলিকতাবাদী দলটোৰ বাবেও। এনে সম্ভাৱনা ব্যক্ত কৰিছে কিছুসংখ্যক ৰাজনৈতিক বিশ্লেষকে।

একাংশ লোকে কৈছে, 'জুবিনে যাৰ বিষয়ে বেয়াকৈ কয় তাৰেই ভাল হয়। এদিন জুবিনে গৌৰৱ গগৈক ঠাট্টা কৰিছিল। আজি গৌৰৱে সংসদত বিজেপিক পানী খুৱাই দিছে। এদিন জয়ন্তমল্ল বৰুৱাক গৰু বুলি কৈছিল। আজি জয়ন্তমল্ল বৰুৱা মন্ত্ৰী হল।' এইসকল লোকে জুবিনৰ এই ঠাট্টাসূচক মন্তব্যৰ পিছত অসম জাতীয় পৰিষদ দলটোৰ উন্নতি হ'ব বুলিও দাবী কৰা দেখা গৈছে।

ৰাজনীতিৰ খবৰ ৰখা সকলে মন্তব্য কৰিছে, কালিলৈকে যিটো আঞ্চলিক দলক লৈ অসমৰ জনতা সচেতন নাছিল, জুবিনৰ মন্তব্যৰ পিছতে সেই দলটোৰ প্ৰতি সমবেদনাৰ জোৱাৰ আৰম্ভ হৈছে। দলটোক অপমান কৰাক লৈ তেওঁলোকে এতিয়া জুবিনকে ধৰাশায়ী কৰিছে। আঞ্চলিকতাবাদী দলটোৰ প্ৰতি মানুহৰ মনত জাগি উঠা এই আৱেগ যদি ভোটলৈ পৰিৱৰ্তিত হয়, তেন্তে নিৰ্বাচনত এয়া হ’ব জুবিনে গাৰ্গে আঞ্চলিকতাবাদী দলটোক প্ৰদান কৰা এক বৃহৎ সাফল্য।

কিন্তু ইয়াৰ ওলোটা হৈ যদি জুবিন গাৰ্গৰ মন্তব্যই তেওঁৰ অনুগামীসকলৰ মাজত আঞ্চলিকতাবাদী দলটোৰ প্ৰতি বিৰাগ ভাৱৰ সৃষ্টি কৰিবলৈ সক্ষম হয়, তেন্তে ইয়ে লাভাৱান্বিত কৰিব বিজেপিক। কিন্তু এই সকলো কেৱল একো একোটা সম্ভাৱনা বা অনুমান। দৰাচলতে জুবিন গাৰ্গৰ মন্তব্যই কাৰ কিমান লাভ কৰিলে বা কাৰ কিমান ক্ষতি কৰিলে, সেয়া পৰিলক্ষিত হ’ব আগন্তুক সময়ত।