আমগুৰিঃ চোৰ যদি পাতে পাতে পুলিচেও কম নহয়৷ পুলিচ আকৌ পাতে পাতে৷ চোৰ যিমানে দস্যু নহওক কিয় আৰক্ষীৰ ইচ্ছা থাকিলে তেনে চোৰ পলাব ক’ত৷ ডালে ডালে ঘুৰা চোৰক অৱশেষত আৰক্ষীৰ জালত পৰিল৷ আন ৰাজ্যৰ আৰক্ষী নহয় অসম আৰক্ষীৰে লোকে চোৰ ধৰিবলৈ সক্ষম নহয়। স্নিফাৰ ডগ বিফল হয় তাত সফল হ’ল অসম আৰক্ষী।
দুধুৰ্ষ চোৰক আটক কৰি বাঃ বাঃ লবলৈ সক্ষম হয় অসম আৰক্ষী। চোৰৰ পৰা উদ্ধাৰ কৰিলে ১২ টা ম’বাইল হেণ্ডছেট আৰু এটা লেপটপ। যোৱা ৩ ডিচেম্বৰত শিৱসাগৰ জিলাৰ আমগুৰি নগৰত পুৱতি নিশা ইনফ স্পেছ নামৰ এখন মোবাইল দোকান চুৰি হয়৷ চোৰে প্ৰতিষ্ঠানটোৰ পৰা লুটি নিছিল প্ৰায় সাত লক্ষাধিক টকাৰ মবাইল হেণ্ডছেট আৰু লেপটপ।