নগাঁওঃ নগাঁও জিলাৰ ধিং পৌৰ সভাৰ এলেকাত আধাৰশিলা স্থাপনৰ বাবে উপস্থিত হোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক মঙলবাৰে ধিং আঞ্চলিক ছাত্ৰ সন্থাই ক’লা পতাকা প্ৰদৰ্শন কৰে৷ অসম চৰকাৰৰ পেভাৰ ব্লক আঁচনিৰ ২০১৮-১৯ আৰু গড়কাপ্তানী বিভাগৰ অধীনস্থ ২০১৮-১৯ বৰ্ষৰ এচ অ’ পি ডি শিতানৰ ধন ব্যয়ৰে ধিং পৌৰ সভাৰ ২,৩ আৰু ৪ নং ৱাৰ্ডত পথ উন্নয়নৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যে ধিঙত উপস্থিত হোৱা বিধায়িকাগৰাকীক প্ৰায় অৰ্ধ শতাধিক আছু কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰি “জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, বিজেপি মুৰ্দাবাদ আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে৷
ইফালে, আধাৰশিলা স্থাপন কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত বিধায়িকা গৰাকীয়ে ৰাজ্যখনৰ একাংশ দল-সংগঠনে বিধেয়কখনৰ ভাষা বুজি নোপোৱাৰ বাবেই বিধেয়কখনৰ বিৰোধিতা কৰি আছে বুলি এক তাচ্ছিল্যসূচক মন্তব্য কৰে৷ আনহাতে, ধিং পৌৰ সভাৰ অধীনস্থ পথসমূহৰ উন্নয়নৰ বাবে বিধায়িকাগৰাকীয়ে কৰা আধাৰশিলাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।