newsnextone.com | ডিব্ৰুগড়ঃ কামৰূপৰ ছয়াগাঁও, বঙাইগাঁৱৰ পিছত এইবাৰ আঞ্চলিক দল অগপই কঁপাব মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবাল প্ৰতিবাদ অব্যাহত ৰখা অগপই মিত্ৰ দলৰ বিজেপিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

কেন্দ্ৰৰ বিজেপি চৰকাৰে অসম আৰু অসমীয়া জাতিক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ অসমত লাখ লাখ হিন্দু বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব দিবলৈ ওলোৱাত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে মিত্ৰ জোঁটৰ চৰকাৰৰ অন্যতম সংগী অগপই প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷ 

৬বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ অন্তত ৰূপায়ন কৰা অসম চুক্তিক নস্যাৎ কৰি ৮৫৫ জন শ্বহীদৰ ত্যাগক অপমান কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অগপই। 

এইবাৰ উজনিৰ ডিব্ৰুগড় জিলাত প্ৰতিবাদ সাব্যস্ত কৰিব অগপই৷ অগপৰ ভাতৃ-ভগ্নী সংগঠন অসম মহিলা পৰিষদ, অসম যুৱ পৰিষদ, অসম কৃষক পৰিষদ, চাহকোষ, ধৰ্মীয় সংখ্যালঘু পৰিষদ, জনজাতি পৰিষদ, সাংস্কৃতিক পৰিষদ আদিৰ সহযোগত অহা ২৭ জুনত পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰৰ পৰা চৌকিডিঙ্গী খেলপথাৰলৈ এক বিৰাট প্ৰতিবাদী সমদল 'শংখনাদ' কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব অগপই৷

কাৰ্যসূচীত অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন সভাপতি তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, অগপৰ জ্যেষ্ঠ নেতা তথা খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিপ্লৱী কণ্ঠশিল্পী বিপিন চাউদাংৰ উপৰিও শিল্পী, সাহিত্যিক, শিক্ষাবিদ, আইনজীৱি, ছাত্ৰ, শিক্ষক, খেলুৱৈ, কৃষক, শ্ৰমিক, কৰ্মচাৰী উপস্থিত থাকিব৷ প্ৰতিবাদী কাৰ্যসূচীত সকলো শ্ৰেণীৰ লোকক উপস্থিত থাকিবলৈ আহ্বান অগপৰ কেন্দ্ৰীয় মুখপাত্র তথা ডিব্ৰুগড় জিলা অগপৰ সভাপতি পোনাকণ বৰুৱা আৰু সম্পাদক পুতুল সোণোৱাল আৰু সঞ্জীৱ বৰুৱাই।