কোকৰাঝাৰঃ পুনৰাই অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । অহা ৬ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোকৰাঝাৰত মেডিকেল কলেজৰ আধাৰশীলা স্থাপন কৰিবলগীয়া অনুষ্ঠানৰ প্ৰাক-প্ৰস্তুতিৰ বুজ লবলৈ আহি আজি কোকৰাঝাৰত পুণৰাই অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অগপ বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব নে নাই সেই সিদ্ধান্ত অগপই হে লব। যিহেতু অগপই মিত্ৰতা সন্দৰ্ভত কৈ থাকে “আমি নাথাকো,আমি নকৰো” সেয়েহে মিত্ৰতা থাকিব নে নাই তাৰ উত্তৰ অগপই দিব লাগিব ।
