♦ আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ নেতা সুনীল ৰাজকোঁৱৰসহ দলৰ সকলো সদস্যৰ আ গ পত চামিল

গুৱাহাটীঃ অসমৰ আঞ্চলিকতাবাদৰ ভৱিষ্যত সন্দৰ্ভত এক ডাঙৰ প্ৰশ্ন যে আঞ্চলিকতাবাদী অসম গণ পৰিষদে ৰাষ্ট্ৰীয়তাবাদী ভাৰতীয় জনতা পাৰ্টীৰ সৈতে ৰাজনৈতিক মিত্ৰতা কৰিবনে? 

অৱশ্যে অ গ পৰ নেতৃত্বৰ বাবে এতিয়া সেয়া ডাঙৰ প্ৰশ্ন নহয়। দুয়োটা দলে ইতিমধ্যে ৰাজনৈতিক মিত্ৰতাৰ বাবে যাৱতীয় আলোচনা প্ৰক্ৰিয়া সমাপ্ত কৰিছে। মাত্ৰ বাকী আছে আনুষ্ঠানিক ঘোষণাৰ।

অ গ পৰ এক সূত্ৰই প্ৰকাশ কৰা মতে অহা সোমবাৰে, ১১ মাৰ্চত দল দুটাই পুনৰ মিত্ৰতা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব। ইয়াৰ ইংগিতো পোৱা গ’ল অ গ পৰ সভাপতি অতুল বৰাই শনিবাৰে প্ৰকাশ কৰা ভাষ্যত।

বৰাই কালি ঘোষণা কৰিছিল যে অ গ পই আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে। দুয়োটা দলে মিত্ৰতা সন্দৰ্ভত কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰি এতিয়ালৈকে কোনো কথা প্ৰকাশ কৰা নাই যদিও নাম প্ৰকাশত অনিচ্ছুক অ গ প নেতাজনে প্ৰকাশ কৰে যে মিত্ৰতা সন্দৰ্ভত সকলো প্ৰক্ৰিয়া সমাপ্ত কৰা হৈছে, মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী আছে।

ইতিমধ্যে বি জে পিৰ তৰফৰপৰা অ গ পক বৰপেটা আৰু কৰিয়াবৰ সমষ্টি এৰি দিয়াৰ লগতে অসমৰপৰা খালী হ’বলগীয়া ৰাজ্যসভাৰ এখন আসনত অ গ পৰ প্ৰাৰ্থী বিজয়ী কৰোৱাৰ অনানুষ্ঠানিক প্ৰস্তাৱ আগবঢ়োৱা বুলি প্ৰকাশ পাইছে।

মিত্ৰতাৰ এই প্ৰসংগ চৰ্চিত হৈ থকাৰ মাজতে শনিবাৰে অ গ পত যোগদান কৰে পাঁচ শতাধিক লোক। আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ নেতা সুনীল ৰাজকোঁৱৰসহ দলৰ সকলো সদস্যই কালি আ গ পত যোগদান কৰে। 

লগতে অধিবক্তা, অভিনেতা, প্ৰাক্তন ছাত্ৰনেতা, এণ্ট্ৰ’পিনিয়ৰসহ পাঁচ শতাধিক লোকে দলটাত যোগদান কৰে।

দলৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰা সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য, ডাঃ কমলাকান্ত কলিতা, সত্যব্ৰত কলিতা, মনোজ শইকীয়া আদিৰ উপস্থিতিত সুনীল ৰাজকোঁৱৰ নেতৃত্বাধীন দলটো চামিল হয়।