ডিফুঃ ২৭ ফেব্ৰুৱাৰীৰপৰা ১৪ ফেব্ৰুৱাৰীলৈকে ডিফুৰ নৱনিৰ্মিত কাছা খেলপথাৰত চলি থকা চতুৰ্থ চি ই এম স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে এখন হাই ভল্টেজ দিবা-নৈশ খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ছালগাওকাৰ এফ চি গোৱা বনাম শ্ৰীলংকাই সন্ধিয়া ৬-৩০ বজাৰপৰা আৰম্ভ হোৱা খেলখনত ছালগাওকাৰ এফ চি গোৱাই প্ৰথমৰপৰাই আধিপাত্য বিস্তাৰ কৰি শ্ৰীলংকাক অত্যাধিক চাপত ৰাখিবলৈ সক্ষম হয়৷
খেলখনৰ প্ৰথমাৰ্ধৰ ২০ মিনিটতে ছালগাওকাৰ এফ চিৰ সৌৰভ পেটেলে জাভালেন এফ চি শ্ৰীলংকাৰ গলৰক্ষকক পৰাভূত কৰি প্ৰথমটো গল দি দলক ১-০ৰ অগ্ৰগতি দিয়ে।