ছিংগাপুৰঃ দবাখেলত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হ’ল ভাৰতীয় দবা তাৰকা দোম্মাৰাজু গোকেশ। মাত্ৰ ১৮ বছৰ বয়সতে দবাখেলত বিশ্বৰ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন হৈ এক অন্যন্য অভিলেখ গঢ়িছে গোকেশ। বৃহস্পতিবাৰে ছিংগাপুৰত অনুষ্ঠিত চূড়ান্ত খেলখনত চীনৰ ডিং লিৰেনক ৭.৫-৬.৫ ব্যৱধানত পৰাস্ত কৰি এই অভূতপূৰ্ব সফলতা লাভ কৰে গোকেশে।
চূড়ান্ত খেলখন আছিল শ্বাসৰুদ্ধকৰ। ১৩ ৰাউণ্ডলৈকে দুয়োগৰাকী প্ৰতিদ্বন্দ্বী খেলুৱৈৰ পইণ্ট সমান সমান হৈ আছিল। কিন্তু শেষৰ ৰাউণ্ডত ডিং লিৰেনৰ ভুল সিদ্ধান্তই গোকেশৰ প্ৰত্যাৱৰ্তন সহজ কৰি তোলে। সময়ৰ চাপত লিৰেনে ৪৯ নং চালত ভুল কৰিছিল, যাৰ সুযোগ লয় গোকেশে। পৰিণতিত গুকেশৰ ৫০ নং চালত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈ চীনৰ লিৰেনে।