মুম্বাইঃ তৃতীয় টেষ্টটো লজ্জাজনকভাৱে পৰাস্ত ধৈৰ্যহীন ভাৰত। দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ অন্তিমখন মেচত ২৫ ৰানত পৰাস্ত হয় ভাৰতীয় দলটো। ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দুয়োখন মেচতে পৰাস্ত হৈছিল ভাৰত। সুদীৰ্ঘ ২৪ বছৰৰ অন্তত পুনৰ ঘৰৰ মাটিত শৃংখলাৰ আটাইকেইখন মেচতে পৰাস্ত হয় ৰোহিত বাহিনী।
ভাৰতৰ সমুখত মাত্ৰ ১৪৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ভ্ৰমণৰত দলটোৱে। তেনেই সামান্য বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈয়ো মেচখনৰ আজি তৃতীয় দিনা এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাই ভাৰতে। ঋষভ পণ্টে এটা মূৰত ইনিংছ ধৰি ৰাখিবলৈ কিঞ্চিত চেষ্টা চলোৱাৰ বাদে প্ৰায়কেইজন বেটাৰেই শোচনীয়ভাৱে ব্যৰ্থ হয়। পণ্টেও ৬৪ ৰানত পেভিলিয়নমুখী হোৱাত ভাৰতৰ জয়ৰ আশা নিৰ্বাপিত হৈ পৰে আৰু ৫ দিনীয়া টেষ্টখন মাত্ৰ আঢ়ৈ দিনতে সমাপ্ত হয়।