ডিব্ৰুগড়ঃ ৰাজ্যৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ ৩৩ বছৰীয়া হ’ল৷ ১৯৮৫ চনৰ ১৪ অক্টোবৰত জন্ম হোৱা দলটোৱে শনিবাৰে ব্যাপক উৎসাহেৰে পালন কৰিছে প্ৰতিষ্ঠা দিৱস৷ এইবেলি দলটোৱে কেন্দ্ৰীয় ভাবে প্ৰতিষ্ঠা দিৱস পালন কৰে ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ দুলীয়াজান বিহুতলিত৷
অগপৰ দুলীয়াজান ডিব্ৰুগড় জিলা সমিতি আৰু দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ শনিবাৰে পুৱাই পতাকা উত্তোলন কৰে দলটোৰ সভাপতি কেবিনেট মন্ত্ৰী অতুল বৰাই৷ দলটোৰ কেন্দ্ৰীয় নেতা-কৰ্মী, বিভিন্ন জিলা সমিতি-আঞ্চলিক সমিতিৰ নেতা কৰ্মীয়ে শ্বহীদ তৰ্পণ কৰে৷