খেৰণিঃ ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ এবছৰ পূৰ্তি হোৱাৰ সময়তে নতুন ৰূপ লৈছে শাসকীয় বিজেপি-অগপৰ মিত্ৰতাই। যোৱা ১৭ মে’ লৈকে সকলো ঠিকেই আছিল যদিও কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ আসন্ন নিৰ্বাচনক লৈ দল দুটাৰ মাজৰ সম্পৰ্কই সম্প্ৰতি অহি-নকুল ৰূপ লোৱাৰ উপক্ৰম ঘটিছে। ইয়াত ইন্ধন যোগাইছে পৰিষদখনৰ বহুকেইগৰাকী কাৰ্য্যবাহী সদস্য, পৰিষদীয় সদস্য আৰু প্ৰভাৱশালী প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে বিজেপিৰ প্ৰাৰ্থিত্ব লাভ নকৰাৰ ক্ষোভে। ইয়াৰ আগে আগে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢোৱাৰ সিদ্ধান্ত লয়।
বিজেপিক প্ৰত্যাহ্বান জনাই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিতসকলে পৰিষদখনৰ মুঠ ২৬টা পৰিষদীয় সমষ্টিৰ অধিকাংশতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লৈছে। একাংশই যদি কাৰ্বি আংলং ডেম’ক্ৰেটিক ফ’ৰামৰ প্ৰাৰ্থীৰূপে আন একাংশই আকৌ অগপৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে৷ ইয়াৰ আলমত সৌ-সিদিনালৈকে অস্তিস্বৰ সংকটত কক্বকাই থকা অগপই পাৰ্বত্য ভূমিত শক্তিশালী দল হিচাপে নিজকে প্ৰতিপন্ন কৰাৰ দিশে অগ্ৰসৰ হোৱাৰ ইংগিত স্পষ্ট হৈছে৷ ইয়ে বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত একাংশ প্ৰাৰ্থীৰ মনত আশাৰ সঞ্চাৰ ঘটোৱা বুলি চৰ্চিত হৈছে।