নতুন দিল্লীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰে মিত্ৰতা ভংগ কৰিলে অগপই। সোমবাৰে নতুন দিল্লীত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অংশীদাৰ অগপৰ ৩ মন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাতৰ পিছতে এই সিদ্ধান্ত চূড়ান্ত কৰে।
গৃহমন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ পিছতে অগপৰ নেতা তথা কৃষি মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত কয় যে ইমানৰ পিছতো চৰকাৰত থকাতো তেওঁলোকৰ পক্ষে সম্ভৱ নহয়। দলটোৰ ৩মন্ত্ৰীয়ে পদত্যাগ কৰিব বুলিও সাংবাদিকসকলক জানিবলৈ দিয়ে বৰাই।