newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম সংগী অসম গণ পৰিষদে বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত শংখ বজাই আকাশ বতাই কঁপাই তুলি কোনো কাৰণত অসমে আৰু অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে বুলি স্পষ্ট কৰে৷ কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত ‘শংখনাদ’ কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ আটাইকেইজন জ্যেষ্ঠ নেতাই শংখ বজাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে৷

কামৰূপৰ ছয়াগাঁও, বঙাইগাঁৱৰ পিছত এইবাৰ আঞ্চলিক দল অগপই বুধবাৰে একপ্ৰকাৰ কঁপাই তোলে মুখ্যমন্ত্ৰীৰ গৃহ জিলা তথা ডিব্ৰুগড় সদৰ বিধান সভা সমষ্টি৷ বিজেপি নেতা প্ৰশান্ত ফুকনে প্ৰায়ে অগপক ইতিকিং সূচক মন্তব্য প্ৰকাশ কৰি মিত্ৰজোঁটৰ পৰা অগপক ওলাই আহিবলৈ কৈ আহিছে যদিও প্ৰশান্ত ফুকনৰ ভেটি কঁপাই অগপৰ আহ্বানত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে৷ প্ৰশান্ত ফুকনৰ গৃহ সমষ্টিত বিশাল সমাবেশ অনুষ্ঠিত কৰিহে যেন প্ৰায়ে অগপক সমালোচনা কৰি অহা প্ৰশান্ত ফুকনক উত্তৰ দিলে অগপই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অব্যাহত ৰখা অগপই মিত্ৰ দল বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

কেন্দ্ৰৰ বিজেপি চৰকাৰে অসম আৰু অসমীয়া জাতিক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ অসমত লাখ লাখ হিন্দু বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব দিবলৈ ওলোৱাত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম সংগী অগপই প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷ ৬বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ অন্তত ৰূপায়ন কৰা অসম চুক্তিক নস্যাৎ কৰি ৮৫৫ জন শ্বহীদৰ ত্যাগক অপমান কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে অগপই প্ৰতিবাদ কৰি যাব বুলি ঘোষণা কৰে অগপৰ সভাপতি অতুল বৰাই৷

সভাপতি অতুল বৰাই বিধেয়কখন গৃহীত হ’লে অসমৰ ভাষা, সংস্কৃতি সলনি হৈ যাব বুলি আশংকা ব্যক্ত কৰে৷ অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিলে অসমৰ ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতিলৈ ভাবুকি আহিব বুলি কয়৷ এই সময়ত সকলোৱে একত্ৰিত হৈ যুঁজ দিয়াৰহে সময় বুলি কয় বৰাই৷

প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য পৰিচালনা কৰা সমাবেশত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ ভাষা, সংস্কৃতি শেষ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচাৰিছে বুলি কয়৷ চৰকাৰত থাকি আমি তিনিজন মন্ত্ৰিত্ব লাভ কৰিলেই আমাৰ দায়িত্ব শেষ হৈ নাযায় বুলি কৈ ভাষা, সাহিত্য, সংস্কৃতিক ৰক্ষাৰ দায়িত্ব আমাৰ আছে বুলি কয় বৈশ্যই৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অসম আৰু অসমৰ ভূমিপুত্ৰ-থলুৱাৰ অস্তিত্ব জীয়াই ৰাখিব লাগিলে নাগৰিকত্ব সংশোধনী বিধেয়ক যিকোনো প্ৰকাৰে অসমৰ মানুহে বাতিল কৰিবই লাগিব বুলি কৈ একাংশ লোকে অসম চুক্তিক নস্যাৎ কৰিব খোজা বুলি ক্ষোভ জাহিৰ কৰে মহন্তই৷ আনহাতে অসমৰ থলুৱাক সাংবিধানিক ৰক্ষণাবেক্ষণ দিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে মহন্তই৷ বানপানীত গৃহহীন থলুৱাক সংস্থাপন কৰিবলৈ মাটি নাই কিন্তু বাংলাদেশীক আনি অসমৰ মাটিত বহুৱাব খোজে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই৷

প্ৰাক্তন মন্ত্ৰী ডা০ কমলা কলিতাই কুৰুক্ষেত্ৰৰ যুদ্ধ বুলি বিজেপিক আক্ৰমণ কৰি অসমীয়া জাতিধ্বংসী বিধেয়ক কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰা পৰ্যন্ত অসমীয়াই প্ৰতিবাদ কৰি যাব লাগিব বুলি কয়৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে বিধেয়ক বাতিল নকৰা পৰ্যন্ত অগপই ৰূপায়ন কৰা প্ৰতিটো কাৰ্যসূচীত অসমৰ ৰাইজক সহায় কৰি যাবলৈ আহ্বান জনায়৷ অগপই কাৰ সৈতে মিত্ৰতা কৰিছে সেই কথা ডাঙৰ কথা নহয় কিন্তু অগপৰ জন্মৰ আদৰ্শ পৰিহাৰ নকৰে বুলি কয় দুয়ো মন্ত্ৰীয়ে৷ কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাই দিল্লীক অসমৰ ৰাইজৰ কণ্ঠক গুৰুত্ব দিবলৈ কৈ দিল্লীৰ বিৰুদ্ধে যুঁজি আমাৰ ভাষা, সংস্কৃতি, ঐতিহ্য ৰক্ষা কৰিব লাগিব বুলি কয়৷

'শংখনাদ' কাৰ্যসূচীত দলৰ বিধায়ক ভৱেন ভৰালী, ৰেনুপমা ৰাজখোৱা, নৰেন সোণোৱাল, উপ-সভাপতি ৰূপম কাকতি, হিৰণ্য কোঁৱৰ, কৃষক পৰিষদৰ সভাপতি দীপক চৰকাৰ, চাহ কোষৰ সভাপতি দেৱ কুৰ্মী, কেন্দ্ৰীয় মুখপাত্ৰ পোণাকন বৰুৱা, ডিব্ৰুগড় জিলা অগপৰ সম্পাদক পুতুল সোণোৱাল উপস্থিত থাকে৷

সমাবেশত জাতীয়তাবাদী শিল্পী বিপিন চাউদাঙে কেইবাটাও বিপ্লৱ বিজড়িত গীত গাই মানুহক আৱেগিক কৰি তোলে৷ অগপৰ ভাতৃ-ভগ্নী সংগঠন অসম মহিলা পৰিষদ, অসম যুৱ পৰিষদ, অসম কৃষক পৰিষদ, চাহকোষ, ধৰ্মীয় সংখ্যালঘু পৰিষদ, জনজাতি পৰিষদ, সাংস্কৃতিক পৰিষদ আদিৰ সহযোগত পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰৰ পৰা চৌকিডিঙ্গী খেলপথাৰলৈ এক বিৰাট প্ৰতিবাদী সমদল উলিয়াই 'শংখনাদ' কাৰ্যসূচীৰে আকাশ বতাহ কঁপাই তোলে৷