newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম সংগী অসম গণ পৰিষদে বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত শংখ বজাই আকাশ বতাই কঁপাই তুলি কোনো কাৰণত অসমে আৰু অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে বুলি স্পষ্ট কৰে৷ কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত ‘শংখনাদ’ কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ আটাইকেইজন জ্যেষ্ঠ নেতাই শংখ বজাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে৷
কামৰূপৰ ছয়াগাঁও, বঙাইগাঁৱৰ পিছত এইবাৰ আঞ্চলিক দল অগপই বুধবাৰে একপ্ৰকাৰ কঁপাই তোলে মুখ্যমন্ত্ৰীৰ গৃহ জিলা তথা ডিব্ৰুগড় সদৰ বিধান সভা সমষ্টি৷ বিজেপি নেতা প্ৰশান্ত ফুকনে প্ৰায়ে অগপক ইতিকিং সূচক মন্তব্য প্ৰকাশ কৰি মিত্ৰজোঁটৰ পৰা অগপক ওলাই আহিবলৈ কৈ আহিছে যদিও প্ৰশান্ত ফুকনৰ ভেটি কঁপাই অগপৰ আহ্বানত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে৷ প্ৰশান্ত ফুকনৰ গৃহ সমষ্টিত বিশাল সমাবেশ অনুষ্ঠিত কৰিহে যেন প্ৰায়ে অগপক সমালোচনা কৰি অহা প্ৰশান্ত ফুকনক উত্তৰ দিলে অগপই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অব্যাহত ৰখা অগপই মিত্ৰ দল বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷