কোকৰাঝাৰঃ পলমকৈ হলেও বিটিএডিক লৈ সক্ৰিয় হ’ল অগপ দল৷ বিটিএডিত দলক শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে আ্চলিক দলটোৱে৷ সমগ্র বিটিএডি এলেকাত অসম গণ পৰিষদৰ সংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে দেওবাৰে কোকৰাঝাৰত অগপ দলৰ এক গুৰুত্বপুৰ্ণ সভা অনুষ্ঠিত হয়।
কোকৰাঝাৰ প্ৰেছ ক্লাৱ প্ৰাংগনত জিলা অগপ আৰু মহিলা পৰিষদৰ যৌথ সভাৰ জৰিয়তে বিটিএডি এলেকাত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিপিএফৰ সৈতে অগপৰ মধুৰ সম্পৰ্ক অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাত কিছুদিন পূৰ্বে গঠন হোৱা কোকৰাঝাৰ জিলা অগপৰ মহিলা পৰিষদখনো আনুষ্ঠানিকভাৱে দায়িত্বভাৰ চমজি লয়।