গুৱাহাটীঃ শুক্ৰবাৰে গুৱাহাটী মহানগৰীত হাতে হাত ধৰি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিত অগপক শক্তিশালি কৰাৰ সংকল্প ললে অগপৰ নেতা-কৰ্মীয়ে৷ মহানগৰীত দলটোৰ নেতা-কৰ্মী একত্ৰিত হৈ দলৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে৷ ৰাজ্যৰ অন্যতম আঞ্চলিক দল অগপক সকলো জাতি-জনগোষ্ঠী, ধৰ্ম, বৰ্ণৰ লোকৰ দল বুলি আখ্যা দিলে শ শ নেতা-কৰ্মীয়ে৷
ৰাজ্যৰ প্ৰতিগৰাকী লোকক অপশাসনৰ পৰা মুক্ত কৰিবলৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পুৰ্বে অগপ দলক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ সংকল্প নেতা-কৰ্মীৰ৷ একপ্ৰকাৰ শুকুৰবাৰৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালী বান্ধি প্ৰস্তুত হ’ল অগপ৷ অসম গণ পৰিষদ ৰাইজৰ দল৷