ডিজিটেল ডেস্কঃ সন্মানৰ যুঁজত শেষ মুহূৰ্তত জয়ী হ’ল কংগ্ৰেছৰ প্ৰাৰ্থী আহমেদ পেটেল। জয়ৰ বাবে প্ৰয়োজন আছিল ৪৪ টা ভোট। ৪৪ টা ভোট লাভ কৰি গুজৰাটত কংগ্ৰেছৰ মান ৰক্ষা কৰিবলৈ সমৰ্থ হ’ল ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিবগৰাকীয়ে।
গুজৰাটৰ ৩খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে পুৱাৰে আৰম্ভ হৈছিল উত্তেজনা। কংগ্ৰেছৰ আবেদনৰ ভিত্তিত গভীৰ নিশা ভোটগণনাৰ পূৰ্বে কংগ্ৰেছৰ বিক্ষুব্ধ ২ বিধায়ক ৰাঘবজিভাই পেটেল আৰু ভোলাভাই গোহিলৰ ভোট বাতিল কৰে নিৰ্বাচন আয়োগে। গোপনীয়তা লংঘনৰ বাবেই বাতিল কৰা হয় তেওঁলোকৰ ভোট। বিক্ষুব্ধ দুই বিধায়কৰ বেলট আতৰাই ৰাখি নিশাই সংশ্লিষ্ট ৰিটাৰ্নিং বিষয়াক ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে আয়োগে। নিশা প্ৰায় ১ বজাত আৰম্ভ হয় ভোটগণনা।