অনলাইন ফিচাৰ্ছঃ 'আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ফলত মানৱ সভ্যতালৈ সংকট নামি আহিব পাৰে।’ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাক লৈ বহুসংখ্যক বিশেষজ্ঞই এনে আশংকা ব্যক্ত কৰা দেখা গৈছে। এনে সতৰ্কবাণী আগবঢ়োৱাসকলৰ ভিতৰত অপেনএআই আৰু গুগল ডিপমাইণ্ডৰ মুৰব্বীসকলো আছে।

'চেণ্টাৰ ফৰ এআই ছেফটি’ৰ ৱেবছাইটত এই সন্দৰ্ভত আগবঢ়োৱা মন্তব্য প্ৰকাশ পাইছে। অধিকাংশ বিশেষজ্ঞই এই মন্তব্যক লৈ নিজৰ সন্মতিও ব্যক্ত কৰিছে। 

বিশেষজ্ঞসকলে সকীয়নি প্ৰদান কৰি কৈছে, 'মানৱ সভ্যতালৈ অশনি সংকেত কঢ়িয়াই আনিব পৰা বিপদসমূহ যেনে মহামাৰী, পৰমাণু যুদ্ধ আদিৰ লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ এআইৰ পৰা হ’ব পৰা বিপদ হ্ৰাস কৰিবলৈকো আমি যত্নপৰ হ’ব লাগিব।’ 

চাটজিপিটিৰ চীফ এক্সিকিউটিভ ছেম অল্টমেন, গুগল ডিপমাইণ্ডৰ চীফ এক্সিকিউটিভ ডেমিছ হছাবিছ আৰু এন্থ্ৰোপিকৰ ডেৰিঅ’ অমোদেইয়ে এই মন্তব্যত সহমত প্ৰকাশ কৰিছে। অৱশ্যে আন একাংশ বিশেষজ্ঞই আকৌ এআইৰ ফলত হ’ব পৰা বিপদৰ সম্ভাৱনা অতিৰিঞ্জিতকৈ প্ৰকাশ কৰা বুলিও দাবী কৰিছে। 

কি কি বিপদে দেখা দিব পাৰে?

'চেণ্টাৰ ফৰ এআই ছেফটি’ৰ ৱেবছাইটত এআইৰ পৰা হ’ব পৰা সাম্ভাৱ্য একাধিক বিপদৰ কথা উল্লেখ কৰা হৈছে। তলত সেয়া উল্লেখ কৰা হ’লঃ
১। এআইক মাৰণাস্ত্ৰ হিচাপত ব্যৱহাৰ কৰা হ’ব পাৰে। উদাহৰণ হিচাপে ড্ৰাগ ডিছকভাৰী টুলছ কেমিকেল ৱেপনছ (ৰাসায়নিক অস্ত্ৰ) নিৰ্মাণত ব্যৱহৃত হ’ব পাৰে।
২। এআইৰ সহায়ত যুগুতোৱা ভুল খবৰবোৰে সমাজখনক অস্থিৰ কৰি তুলিব পাৰে আৰু ইয়াৰ ফলত সামুহিক সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াও প্ৰভাৱান্বিত হোৱাৰ আশংকা আছে।
৩। এআইৰ শক্তি নিৰ্দিষ্ট কিছুমান লোকৰ হাততহে থাকিব পাৰে। যাৰ ফলত চৰকাৰে সাধাৰণ লোকসকলৰ ওপৰত নজৰ ৰাখিবলৈ আৰু দমন কৰিবলৈ সেয়া ব্যৱহাৰ কৰিব পাৰে।
৪। WALL-E নামৰ ছবিখনত দেখুওৱাৰ দৰে মানৱ জাতি সম্পূৰ্ণৰূপে এআই নিৰ্ভৰ হৈ পৰাৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হ’ব পাৰে।

বিপদৰ কথা অতিৰিঞ্জিত কৰা হৈছে নেকি?

'চেণ্টাৰ ফৰ এআই ছেফটি’ৰ সকীয়নিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে এআই বিশেষজ্ঞ ড০ জাফৰি হিণ্টনে। ছুপাৰ ইণ্টেলিজেণ্ট এআইৰ পৰা হ’ব পৰা বিপদক লৈ হিণ্টনে বহু আগৰে পৰা সকীয়নি প্ৰদান কৰি আহিছিল।

মণ্ট্ৰিল বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ প্ৰবক্তা জছুৱা বেজোয়েও এআইৰ পৰা হ’ব পৰা বিপদৰ কথা কৈ আহিছে। বিপৰীতে অধ্যাপক য়ান লেকনে বিপদৰ সম্ভাৱনাৰ কথা অতিৰিঞ্জিতকৈ উপস্থাপন কৰা হৈছে বুলি দাবী কৰা দেখা গৈছে।  উল্লেখ্য যে, এআইৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ড০ হিণ্টন, অধ্যাপক বেজো আৰু অধ্যাপক য়ান লেকনক 'এআইৰ পিতৃপুৰুষ’ স্বৰূপ আখ্যা দিয়া হৈছে। ২০১৮ চনত এই আটাইকেইগৰাকীয়ে লাভ কৰিছিল কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ আগশাৰীৰ সন্মান 'টাৰ্ণিং এৱাৰ্ড’।

মেটাৰ হৈ কাম কৰি অহা অধ্যাপক লেকনে এটি টুইটত লিখিছে, 'ধ্বংসৰ ভৱিষ্যতবাণীসমূহক লৈ যদিহে আমাক কিবা সোধা হয় তেন্তে আমি প্ৰথমেই তেনেকৈ কোৱাসকলৰ মুখত সোপা দিবলৈকে ভাল পাম।’

অধ্যাপক লেকনৰ সুৰতে সুৰ মিলাই আন বহুকেইগৰাকী বিশেষজ্ঞই কৈছে যে এআইয়ে মানৱ সভ্যতালৈ ভাবুকি কঢ়িয়াই আনিব বুলি কৰি অহা দাবী মুঠেই বাস্তৱসন্মত নহয়। এনেধৰণৰ কথা-বতৰাবোৰে সমগ্ৰ ক্ষেত্ৰখনতে আউল লগাব বুলিও মন্তব্য কৰিছে এইসকল বিশেষজ্ঞই।

প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানী অৰবিন্দ নাৰায়ণেও এআইৰ বাবে মানৱ সভ্যতা ধ্বংস হৈ যাব বুলি কৰি অহা দাবীক ভিত্তিহীন আখ্যা দিছে। 'বৰ্তমানৰ এআইৰ কৈ অহাৰ দৰে বিপদ ঘটোৱাৰ কোনো ক্ষমতাই নাই। এইধৰণৰ ভিত্তিহীন দাবীবোৰ এআইৰ পৰা বৰ্তমান হ’বপৰা সাধাৰণ ক্ষতিবোৰ ধৰা পেলোৱাত বাধাসদৃশহে হৈ পৰিছে।’-নাৰায়ণে কয়।

অক্সফ’ৰ্ড ইনষ্টিটিউট ফৰ এথিকছ ইন এআইৰ ছিনিয়ৰ ৰিচাৰ্ছ এছ’চিয়েট এলিজাবেথ ৰেনিয়েৰিছেও বৰ্তমান হ’ব পৰা ক্ষতিকলৈহে অধিক সচেষ্ট। 'এআইৰ উন্নতিৰ ফলত পক্ষপাতমূলক, মানুহক বিচ্ছিন্ন কৰিব পৰা স্বয়ংক্ৰিয় সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। এইবোৰৰ কোনো লেখজোখ কৰিব পৰা নাযাব। কিন্তু এইবোৰ কথাৰ চৰ্চা কমেই হোৱা দেখা যায়।’-এলিজাবেথৰ মন্তব্য। 

তেওঁ আৰু কয়, 'ইয়াৰ ফলত ভুল তথ্য আৰু কৰ্ম-কাণ্ড অধিক হাৰত বিয়পি পৰিব। ইয়াৰ ফলত প্ৰকৃত সত্য বিচাৰি উলিওৱাতো কঠিন হৈ পৰিব। মানুহৰ ভৰসা নাইকিয়া হৈ পৰিব। মানৱ সমাজত বৈষম্য আৰু বৃদ্ধি পাব। বিশেষকৈ ডিজিটেলি দুৰ্বল দেশ আৰু সমাজত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব।’ 

নিৰাপদ পথ খোলা আছেনে?

ৰিচাৰ্ছ এছ’চিয়েট এলিজাবেথ ৰেনিয়েৰিছৰ মতে এআইৰ বহু টুল মানুহৰ অভিজ্ঞতাৰ দৃষ্টিৰে চাবলৈ হ’লে একপ্ৰকাৰৰ বিনামূলীয়া যাত্ৰা সদৃশ। ইয়াৰ অধিকাংশই লেখা-মেলা, অংকন, সংগীত আদি ক্ষেত্ৰখনত মানুহে যুগ যুগ ধৰি লাভ কৰা অভিজ্ঞতা আৰু অনুভৱৰ আধাৰত কাম কৰে। 'এআই সৃষ্টিৰ সৈতে জড়িতসকলে অতি কৌশলেৰে বুজন পৰিমাণৰ ধন আৰু শক্তি সাধাৰণ মানুহৰ পৰা আঁতৰাই নি কেইটামান নিৰ্দিষ্ট সংস্থাত ব্যৱহাৰ কৰাত ব্যস্ত হৈ আছে।’-এলিজাবেথৰ দাবী।

অৱশ্যে 'চেণ্টাৰ ফৰ এআই ছেফটি’ৰ সঞ্চালক ডটেন হেনড্ৰাইক্সে আকৌ এআইৰ ফলত উদ্ভৱ হ’ব পৰা বিপদৰ সম্ভাৱনাক বৰ্তমানৰ আৰু ভৱিষ্যতৰ বুলি ভাগ ভাগকৈ চোৱাতো ভুল বুলি দাবী কৰা দেখা গৈছে। 'কিছুমান সমস্যা এতিয়াই শেষ কৰি পেলাব লাগে। তেতিয়া অনাগত দিনত দেখা দিব পৰা বিপদৰ পৰা ৰক্ষা পোৱাতো সহজ হৈ পৰিব।’-হেনড্ৰাইক্সৰ মন্তব্য।

এনে চিন্তা নতুন নহয়

এআইৰ ফলত মানৱ সভ্যতাৰ প্ৰতি আহিব পৰা ভাবুকি সন্দৰ্ভত চলিত বৰ্ষৰ মাৰ্চ মাহত সমগ্ৰ বিশ্ববাসী অধিক শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ টেছলাৰ হৰ্তা-কৰ্তা এলন মাস্কৰ লগতে আন কেবাগৰাকী বিশেষজ্ঞই এখন মুকলি পত্ৰ লিখাৰ পিছতে বিষয়টোক লৈ সাধাৰণ লোকসকলৰ মাজতো উদ্বিগ্নতা দেখা গৈছে। এই পত্ৰখনত এআই প্ৰযুক্তিৰ পৰৱৰ্তী পৰ্যায়ৰ ডেভলপমেণ্ট বন্ধ ৰাখিবলৈ আহ্বান জনোৱা হৈছিল।

'মানৱ মগজুতকৈয়ো উন্নত এআই মগজু যিয়ে নেকি আমাতকৈয়ো অধিক স্মাৰ্ট হৈ আমাকেই পিছ পেলাই দিব পাৰে তেনে এআই মগজু সৃষ্টি কৰাতো উচিত হ’ব জানো?’-মুকলি পত্ৰখনত এইদৰে প্ৰশ্ন কৰিছিল এলন মাস্ক আৰু আন বিশেষজ্ঞসকলে। 

এই পত্ৰখনত এআইৰ ফলত হ’ব পৰা বিপদক পৰমাণু যুদ্ধৰ সৈতেও তুলনা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিততে অপেনএআইৰ শেহতীয়া এটা ব্লগত ছুপাৰইণ্টেলিজেন্স বা অতি কৃত্ৰিম বুদ্ধিমত্তাক পাৰমাণৱিক শক্তিৰ দৰেকৈ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰিছে। 'ছুপাৰইণ্টেলিজেন্স নিয়ন্ত্ৰণৰ বাবে আমি এতিয়াই আইএইএ অৰ্থাৎ ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সিৰ দৰে নিয়ন্ত্ৰক সংস্থা গঠন কৰা উচিত।’-ব্লগটোত এইদৰে লিখিছে অপেনএআইয়ে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আশ্বাসবাণী!

ছেম আল্টমেন আৰু গুগলৰ চিইঅ’ সুন্দৰ পিছাইয়ে এআইৰ নিয়ন্ত্ৰণ সন্দৰ্ভত শেহতীয়াকৈ গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ সৈতে এক আলোচনাতো মিলিত হৈছিল। ইয়াৰ পিছতে ঋষি ছুনাকে এআইৰ পৰা হ’ব পৰা সম্ভাৱ্য বিপদসমূহৰ লগতে ইয়াৰ জৰিয়তে কিদৰে বিশ্বৰ অৰ্থব্যৱস্থা আৰু সামাজিক ক্ষেত্ৰখনত ইতিবাচক প্ৰভাৱ বৃদ্ধি কৰিব পৰা যায় তাৰ ওপৰত জোৰ দিয়ে।

'আমি দেখিছো যে এআইয়ে পেৰালাইছিছত আক্ৰান্ত লোককো খোজকঢ়াত সহায় কৰিবলৈ সমৰ্থ হৈছে। নতুন প্ৰতিষেধকৰ সন্ধান কৰিছে। কিন্তু আমি এয়া মনত ৰাখিব লাগিব যাতে সকলো প্ৰক্ৰিয়া সুৰক্ষিতধৰণেৰে হয়।’-ছুনাকে কয়।

তেওঁ আৰু কয়, 'এনে কাৰণতে আমি দিনদিয়েক পূৰ্বে বিশ্বৰ আগশাৰীৰ এআই কোম্পানীসমূহৰ চিইঅ’সকলৰ সৈতে মিলিত হৈ কেনেকৈ সমগ্ৰ ব্যৱস্থাটোক নিৰাপদ কৰি ৰাখিব পাৰি সেই সন্দৰ্ভত চৰ্চা কৰিছো।’

এক সংবাদমেলত ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিষয়টো জি-৭ ছামিটৰ আন নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ যো-জা চলাইছে বুলিও উল্লেখ কৰে। তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে। জি-৭ দেশসমূহে এআইৰ বাবে এক ৱৰ্কিং গোট গঠন কৰিছে বুলিও জানিবলৈ দিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে।