নলবাৰীঃ শুকুৰবাৰে সমগ্ৰ বিশ্বত এইডছ দিৱস পালন কৰা হয়৷ প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনটোত পালন কৰা হয় এই দিৱস। ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইডছৰ ভয়বহতা সম্পৰ্কে প্ৰচাৰ কৰা হয়৷ সজাগতা সৃষ্টি কৰাৰ লগতে এই দিনটো এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয়। সমগ্ৰ পৃথিৱীজুৰি চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰচাৰ, প্ৰসাৰ কৰে। এই দিৱসটো আমাৰ অসমতো পালন কৰা হয়৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব এইডছ দিৱস পালন কৰা হয়৷ কেইবাখনো চিকিৎসালয়, ৰাজ্য চৰকাৰ স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে এই দিৱস পালন কৰে৷ তাৰ মাজতে অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰঙিয়া জিলা সমিতিয়ে শুকুৰবাৰে সাংবাদিক মজিবুৰ ৰহমানৰ পৰিচালনাত চলি থকা নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমৰ আৱাসীৰে দিনটো পাৰ কৰে। আৱাসী সকলৰ সুখ-দুখৰ বুজ লোৱাৰ লগতে আৱাসী সকলক একোখনকৈ গামোছা, গৰম কাপোৰ, ফল-মূল বিতৰণ কৰে। সংস্থাটোৰ নেতৃত্বই এনেদৰে কটাই তথা আৱাসী সকলৰ ব্যৱহাৰ তথা পৰিচালকৰ যতন দেখি অভিভূত হৈ পৰে।