newsnextone.com |ডিজিটেল ডেস্কঃ অবৈধ ভাৱে আন্তৰ্জাতিক উৰণ অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰাৰ অভিযোগত এয়াৰ এছিয়া গ্ৰুপৰ চিইঅ’ এন্থনী ফ্ৰান্সিছ ‘টোনী’ ফাৰ্নাণ্ডেজৰ বিৰুদ্ধে গোছৰ ৰুজু কৰিছে চিবিআইএ৷
মঙলবাৰে ফাৰ্নাণ্ডেজ সহ কেইবাজনো লোকৰ বিৰুদ্ধে বিমান চলাচল আইনৰ ৫/২০ ধাৰা উলংঘনৰ অভিযোগ দাখিল কৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই৷ আন্তৰ্জাতিক বিমান চলাচল আইন উলংঘন কৰাৰ উপৰিও ফাৰ্নাণ্ডেজৰ বিৰুদ্ধে বিদেশী বিনিয়োগ উন্নয়ন বোৰ্ড (FIPB)ৰ নীতিও উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে৷