newsnextone.com | ওদালগুৰিঃ উজনিৰ পৰা নামনিলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ ৰাজ্যৰ জাতীয়তাবাদী দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ছাত্ৰ সন্থাৰ আহ্বানত কেইবা শ লোক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷
আহ ঐ আহ, ওলাই আহ ধ্বনিৰে ওদালগুৰি ৰাজপথ কঁপাই পুৰুষ-মহিলাই চৰকাৰক সকীয়াই দি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ দিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু অসম চুক্তি ৰূপায়ন কৰাৰ দাবীত ওদালগুৰিৰ ৰাজপথ কপাঁই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে।