
নতুন দিল্লীঃ বিমান যাত্ৰাৰ সময়ত পৰিচালিকাসকলে প্ৰতিটো ঘোষণাৰ পাছত ‘ধনবাদ বা থেংক ইউ’ কৈ আহিছে৷ কিন্তু এতিয়াৰপৰা এয়াৰ ইণ্ডিয়াৰ বিমানত শুনিবলৈ পোৱা নাযাব ধন্যবাদ বা থেংক ইউ৷
তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ এয়াৰ ইণ্ডিয়াই এই নিয়ম জাৰি কৰিছে যে প্ৰতিটো ঘোষণাৰ পাছত ঘোষক-ঘোষিকাই ক’ব লাগিব ‘জয় হিন্দ’৷ এয়াৰ ইণ্ডিয়াৰ সঞ্চালক (অপাৰেচন) অমিতাভ সিঙে এই নিৰ্দেশনা জৰি কৰিছে৷
নিৰ্দেশনাটোত কোৱা হৈছে যে প্ৰতিটো ঘোষণাৰ পাছত কেই মূহুৰ্তমান ৰৈ অতি সুন্দৰকৈ ক’ব লাগিব ‘জয় হিন্দ’৷