নতুন দিল্লীঃ ভাৰতৰ বিমান জগতত এয়া নজীৰবিহীন ঘটনা। বিমান বন্দৰত অমানুষিক কাণ্ড আৰু তাৰ পিছত দেখুওৱা দম্ভালিৰ বাবেই এজন সাংসদক যৌথভাৱে নিষিদ্ধ ঘোষণা কৰিছে বিভিন্ন বিমান সেৱা প্ৰতিষ্ঠানে।

এতিয়া আৰু ইণ্ডিগ’, স্পাইচজেট, জেট, গ’ এয়াৰৰ বিমানত দুনাই উঠিবলৈ নাপাব সাংসদ ৰবিন্দ্ৰ গাইকোৱাডে। বৃহস্পতিবাৰে শিৱসেনাৰ সাংসদগৰাকীয়ে এয়াৰ ইণ্ডিয়াৰ প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীক চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ পিছতেই আজি ইণ্ডিগো, জেট, স্পাইচ জেট আৰু গ’ এয়াৰ, এয়াৰ এছিয়া, বিস্তাৰা, টাটা গ্ৰুপ এয়াৰলাইনৰ যৌথ সংগঠনে নিষিদ্ধ কৰে সাংসদজনক৷ 

মহাৰাষ্ট্ৰৰ ওচামাবাদ সমষ্টিৰ সাংসদ গাইকোৱাডে বিজনেচ ক্লাচত ভ্ৰমণ কৰিব নোৱাৰাৰ বাবেই প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীক চেণ্ডেলেৰে প্ৰহাৰ কৰিছিল৷ এই অমানুষিক কাৰ্যত ক্ষোভিত হৈ বৃহস্পতিবাৰে সাংসদজনৰ বিৰুদ্ধ গোচৰো ৰুজু কৰিছিল এয়াৰ ইণ্ডিয়াই৷

আনহাতে ঘটনা সন্দৰ্ভত ক্ষমা বিচাৰিবলৈ অস্বীকাৰ কৰিছে সাংসদজনে৷ তদুপৰি তেওক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লী আৰক্ষীৰ সাহসৰ অভাৱ বুলিও মন্তব্য কৰে সাংসদজনে৷ আনহাতে সাংসদজনে শিৱসেনাই তেওক সমৰ্থন কৰিছে বুলিও উল্লেখ কৰে৷

এনেদৰে এজন যাত্ৰীক স্বতন্ত্ৰভাৱে বিমান কৰ্তৃপক্ষই নিষিদ্ধ ঘোষণা কৰাটো আইনৰ আওতাত পৰে নে নাই, সেই কথা বিবেচনা কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিংহাই সংবাদ মাধ্যমক জনাইছে।