ডিজিটেল ডেক্সঃ ‘এয়াৰচেল- কথা দিলো’। আপ্ত বাক্যশাৰীৰে দেশৰ কোটি কোটি গ্ৰাহকক উন্নত সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৰিলায়েন্সৰ দৰেই গ্ৰাহকক হাৰাশাস্তি দিছে এয়াৰচেলে৷ শেহতীয়াকৈ দিনৰ দিনটো এটা ফোনকল লগাবলৈ চেষ্টা কৰিলেও গ্ৰাহকে হাবাথুৰি খাব লগা হৈছে৷ ‘নেটৱৰ্ক বিজি’, ‘এই ৰুটৰ সকলো লাইন ব্যস্ত’ আদি বিভিন্ন কথাৰে গ্ৰাহকক ব্যতিব্যস্ত কৰি আহিছে এয়াৰচেল নামৰ বহুজাতিক কোম্পানীটোৱে৷
এয়াৰচেল নেটৱৰ্কৰ সঘনাই হৈ থকা সমস্যাৰ পৰা মুক্ত হোৱাৰ অৰ্থে বিগত বৰ্ষত এয়াৰছেলে ৰিলায়েন্স নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ যুটীয়াভাৱে ব্যৱসায় চলাই আহিছিল। কিন্তু পৰৱৰ্তী সময়ত ৰিলায়েন্সে বৰ্তমান দেশৰ সকলো প্ৰান্তকে গ্ৰাস কৰি পেলাবলৈ সক্ষম হোৱা জিঅ’ই আগবঢ়ালে আকৰ্ষণীয় অফাৰ৷ কিন্তু এয়াৰচেলৰ লগত কৰা চুক্তি নমনীয় হৈ থাকিল।