খেৰণিঃ দেশতে এক বৃহৎ অর্থনৈতিক ক্ষেত্ৰ দখল কৰি ল’বলৈ সক্ষম হোৱা টেলিকম সেৱা জিঅ’ই বৰ্তমান দেশৰ আন আন টেলিকম সমূহৰ বাবে কঢ়িয়াই আনিছে প্ৰত্যাহ্বান৷ জিঅ’ই আৰম্ভণিৰে পৰা উপভোক্তাক আকৰ্ষণীয় সা-সুবিধা দি ব্যৱহাৰীৰ সংখ্যা বৃদ্ধি কৰি লৈছিল আৰু বৰ্তমানেও জিঅ’ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷

যাৰ বাবে দেশৰ আন আন টেলিকম সেৱা সমূহৰ উপভোক্তাৰ সংখ্যা নিম্নগামী হৈ অহাত লোকচানৰ সন্মুখীন হ’ব লগাত পৰিছে৷ বিশেষকৈ দেশৰ অন্যতম ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানী এয়াৰচেলে জিঅ’ৰ পৰা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছে৷ ইয়াৰোপৰি অন্য দুটা টেলিকম কোম্পানী ভ’ডাফোন আৰু এয়াৰটেলে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা বুলি খবৰ ওলাইছে৷

এয়াৰচেলে হঠাৎ সেৱা বন্ধ কৰাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰভাৱ পৰে৷ বিশেষকৈ কাৰ্বি পাহাৰত এয়াৰচেলৰ অভিলেখ সংখ্যাক টাৱাৰ আৰু গ্ৰাহক আছিল৷ এয়াৰচেলৰ সেৱা হঠাতে বন্ধ কৰাত সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলাখনতো বহু লোকে বিপদত পৰিছে৷ এয়াৰচেলে কন্দুওৱা গ্ৰাহকে বিকল্প বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে৷ আকস্মিক সেৱা বন্ধ কৰাত পাহাৰীয়া জিলাৰ জেৰিকিণ্ডিং, মাকৈলুম, উমখ্ৰীমি, খাটখাচলা, আমৰেং, লাংঠাত, লাংমেপি আদি অঞ্চলৰ ৰাইজ বিপদত পৰিছে। কিয়নো অঞ্চলসমূহত একচেতিয়াভাৱে সেৱা আগবঢ়াইছিল এয়াৰচেলে। 

আন কোনো এটা মোবাইল সেৱা কোম্পানীৰ সেৱা উপলব্ধ নথকা দুৰ্গম অঞ্চলবোৰত কেৱল এয়াৰচেলেই আছিল যোগাযোগৰ বাবে ৰাইজৰ একমাত্ৰ ভৰসা। কিন্তু ২১ ফ্ৰেব্ৰুৱাৰীত হঠাতে এয়াৰচেলে ভাৰতবৰ্ষত সেৱা বন্ধ কৰি দিয়াত সামগ্ৰিকভাৱে গ্ৰাহকৰ লগতে বিতৰকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 

জৰুৰীকালীন সেৱাৰ বাবে ৰাইজে এয়াৰচেল সেৱা ব্যৱহাৰ কৰি আছিল যদিও হঠাতে এয়াৰচেল সেৱা বন্ধ হৈ পৰাত পাহাৰবাসী এতিয়া বিপদত পৰাৰ দৰে হৈছে। সৰ্বত্ৰে অৱহেলিত পাহাৰবাসীয়ে মোবাইল সেৱাৰ পৰা বঞ্চিত হৈ আহিছে জানুৱাৰী মাহৰ পৰা৷ 'চবকে সাথ চবকা বিকাশ' ধ্বনি দিয়া চৰকাৰখনে চৰকাৰী সেৱা বিএছএনএলৰ সেৱা দিবলৈ চেষ্টা কৰা দেখা নাযায়৷

আন আন সমস্যাৰ লগতে মােবাইল সেৱাৰ পৰা বঞ্চিত হল উক্ত অঞ্চল৷ এক কথাত কবলৈ গলে সৰ্বদিশতে পিছ পৰি ৰৈছে পাহাৰবাসীয়ে। যাৰ পৰিপ্ৰেক্ষিতত একাংশ ক্ষোভিত জনতাই ডিজিটেল ইণ্ডিয়াত নহয়, সমস্যাৰে জৰ্জৰিত অঞ্চলতহে হৈ জীয়াই আছে পাহাৰবাসী বুলি ক্ষোভ ব্যক্ত কৰে৷ 

আনহাতে আগন্তুক দিনত ৰাইজে আকস্মিক বিপদৰ পৰা ৰক্ষা পাবৰ বাবে বা দৈনন্দিক জীৱন সুচাৰুৰূপে চলায় নিবৰ বাবে উত্তৰ পূৰ্বাঞ্চলত থকা টেলিকম কোম্পানীসমূহক জ্বলন্ত সমস্যা দূৰ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ দাবী জনায়।