ডিজিটেল ডেস্কঃ এই ধৰণৰ কাহানি আমি চিনেমা-টিভি ছিৰিয়েলত দেখিবলৈ পাওঁ। কিন্তু চিনেমাৰ কাহানিকে বাস্তৱ কৰি দেখুৱালে দিল্লীৰ এগৰাকী লোকে।
যদিও অৱশেষত আৰক্ষীৰ জালত বিমানসেৱিকা সহ লোকজন। মাহৰ পিছত মাহ ধৰি বিমানসেৱিকাৰ দ্বাৰা অবৈধ ভাবে বিদেশী টকা সৰবৰাহ কৰি আহিছিল অমিত মালহোত্ৰা নামৰ লোকজনে।
জেট বিমানসেৱাৰ বিমানসেৱিকাৰ পৰা ৪ লাখ ৮০ হাজাৰ ২০০ মাৰ্কিন ডলাৰ (৩.২১ কোটি টকা) উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।
ধৰা পৰাৰ পিছত অমিতে ডিৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টিলিজেন্সক জনােৱা মিতে এক আন্তঃৰাষ্ট্ৰীয় টকা সৰবৰাহ চক্ৰৰ ব্যবসায় তেওঁ ৬ মাহ ধৰি চলাই আহিছিল।
বিমানসেৱিকা দেৱশী কুলশ্ৰেষ্ঠৰ সহযোগত এলুমিনিয়াম ফয়েলত কোটি কোটি বিদেশী টকা সৰবৰাহ কৰিছিল অমিতে। দেৱশীয়ে টকা সমূহ নিজে বিমানত সোমোৱাৰ ব্যৱস্থা কৰিছিল।
তাৰ বিনিময়ত তেওঁ লাভ কৰিছিল শতক ধনৰ টোপোলা।বিমানসেৱিকাৰ হোৱাৰ সুবাদতে সুৰক্ষা কৰ্মীয়ে সন্দেহ নকৰাত লাখ লাখ বিদেশী টকা একত্ৰিত কৰি বিমানত প্ৰৱেশ কৰাইছিল সুন্দৰী বিমানসেৱিকাই।
এলুমিনিয়াম ফয়েল আৰু কাৰ্বন পেপাৰত মেৰাই লৈছিল যাতে বিমানবন্দৰত লাগেজ এক্সৰে মেছিনত ধৰা নপৰে। ইফালে,অমিতৰ কৱলৰ পৰা ৩.৩ লাখ ভাৰতীয় মুদ্ৰা আৰু কিছু গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।দেৱশীৰ লগতে আৰু কোনো বিমানসেৱিকাই বিদেশী টকা সৰবৰাহত জৰিত আছে৷
৷
দিল্লীৰ বিবেক বিহাৰৰ নিবাসী অমিত মালহোত্ৰাই এটি টুৰ এজেন্সি চলায় আৰু সেই ব্যৱসায়ৰ অন্তৰালতেই চলাই গৈছিল বিদেশী টকাৰ সৰবৰাহ৷
বৰ্তমান অমিতক তিহাৰ জেইলত ৰখা হৈছে৷ ধৃত এয়াৰ বিমানসেৱিকা গৰাকী তেঁওলোকৰ কৰ্মী বুলি জেট বিমানসেৱাই ইতিমধ্যে স্বীকাৰ কৰিছে৷
২০১৭ চনৰ আগষ্টত দেৱশী কুলশ্ৰেষ্ঠৰ সৈতে পৰিচয় হয় অমিতৰ৷ জানিব পৰা মতে এই টকা হংকঙত সৰবৰাহৰ চেষ্টা কৰা হৈছিল৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷