newsnextone.com | মোৰাঝাৰঃ শাৰীৰিক অক্ষমতাকো নেওচি জীবন যাত্ৰাত আগবাঢ়ি গৈছে হোজাই জিলাৰ ধনীৰাম পথাৰৰ এগৰাকী প্ৰতিবন্ধী যুৱতী। জন্মৰ পিছৰে পৰা নিজৰ শৰীৰটোৱে ভালদৰে সমৰ্থন নকৰিলেও চিৰিণে শিক্ষাগ্ৰহণত হেলা কৰা নাছিল৷
দৰিদ্ৰ পৰিয়ালৰ এই গৰাকীযুৱতীৰ পঢ়াৰ প্ৰতি আছিল খুবেই আগ্ৰহ। আৰ্থিক দৈন্যতাৰ বাবে কিছু ক্ষেত্রত যুৱতীগৰাকী থমকি ৰ’ব লগা হৈছিল যদিও শাৰীৰিক ভাৱে অক্ষম এই গৰাকী যুৱতীয়ে আৰ্থিক দুৰৱস্থাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আগবাঢ়ি গৈছিল নিজৰ শিক্ষা জীৱনত। আৰ্থিক অবস্থা দুৰ্বল হোৱা বাবে নিজৰ উৰ্পাজনেৰে শিক্ষা জীৱনৰ সোণোৱালী ধাৰা অব্যাহত ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৮০ শতাংশ নম্বৰ লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে এই গৰাকী যুৱতী।