বকলিয়াঘাটঃ সদৌ তিৱা ছাত্ৰ সন্থা, ৰজাপথাৰ শাখাৰ উদ্যোগত, বকলিয়াঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত বৃহস্পতিবাৰে ৰজাপথাৰ চামগাঁৱত অনুষ্ঠিত কৰা হয় পশুধন টিকাকৰণ শিবিৰ।
সংগঠনটোৰ উদ্যোগত সপ্তাহযোৰা কাৰ্যসূচীৰে পশুধনৰ টিকাকৰণৰ শিবিৰৰ আয়োজন কৰা হৈছে। আজি উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিৱা সাহিত্য সভাৰ জনাৰ্দন পাটৰে। বকলিয়াঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডঃ অবিনাশ তিমুঙৰ তত্বাৱধানত এটা দলে অঞ্চলৰ কেইখনমান গাঁৱক সামৰি পশুধনসমূহৰ টিকাকৰণ কৰে।