newsnextone.com | গুৱাহাটীঃ অসমৰ হাজাৰ হাজাৰ লোকে ফেচবুকৰ জৰিয়তে ৰহাত বহুওৱা টোলগে’টৰ বিৰুদ্ধে মত পোষণ কৰি অহাৰ সময়তে কৃষক নেতা অখিল গগৈয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰ, অসমৰ জাতীয় দল-সংগঠনক তীব্ৰ আক্ৰমণ কৰে৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগতে জিএছটিৰ জৰিয়তে দেশৰ নাগৰিকক মাধমাৰ শোধোৱাৰ সময়তে টোলগে’ট বহুওৱা কাণ্ডই সকলোকে ক্ষোভিত কৰাৰ সময়তে মুম্বাইৰ ইণ্ডাৰদ্বীপ কনষ্ট্ৰাকচনে যোৱা ১২ জুলাইৰ পুৱাৰে পৰা কৰ লবলৈ আৰম্ভ কৰিছে ৰ’হাৰ টোলগে’টত৷

তাৰ মাজতে কষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে দেওবাৰে কৃষক মুক্তিৰ গান্ধী বস্তীৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ লগতে অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠনক তীব্ৰ সমালোচনা কৰে৷ অখিলে কয় যে আমি যেতিয়া যোৱা তিনি বছৰে ৪ খন টোলগে’ট বন্ধ কৰি দিছিলোঁ তেতিয়া আমাক কোনে ক্ৰেডিত দিয়া নাছিল৷ আমাক কোনেও ধন্যবাদোঁ জনোৱা নাছিল বুলি কয়৷ 

পাৰিলে আমাৰ বদনাম হে গায় মানুহে৷ কিন্তু যোৱা তিনি বছৰতকৈ অধিকৰ সময় ৰহা, সোণাপুৰ, কলিয়া ভোমোৰা আৰু চিৰাং জিলাৰ ঢালিগাঁও টোলগে’ট বন্ধ কৰি দিয়া বুলি কয় অখিল গগৈয়ে৷ এই চাৰিখন টোলগে’ট বন্ধ ৰখাৰ বাবে কোটি কোটি টকা ৰেহাই হৈছিল৷ কোটি কোটি ৰেহাই কৰি দিয়াৰ পিছতোঁ আনুষ্ঠানিক ভাৱে ধন্যবাদ জনোৱা নাছিল বুলি অখিল গগৈয়ে দুখ প্ৰকাশ কৰে৷ ইমানে নহয় সংবাদ মাধ্যমেও তেনে বাতৰি প্ৰচাৰ কৰা নাছিল বুলি কয় অখিলে৷ বিভিন্ন সময় সংবাদ মাধ্যমত পজিটিভ বাতৰি প্ৰচাৰ কৰি থকা শুনি থাকোঁ বুলি কয়৷ আনহাতে কলিয়া ভোমোৰাৰ বাহিৰে আন টোলগে’ট সমূহ চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ সাজু হোৱা বুলি কয় অখিলে৷

অখিলে আৰু কয় আমি যেতিয়া টোলগে’ট ভাঙি দিম তেতিয়া অখিল গগৈক গালি পাৰিব৷ আনহাতে অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহ ক’ত বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁলোক এতিয়া ক’ত বুলি কয়৷ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে অসমৰ গোটেই ঠিকা সমূহ লৈ থাকে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁলোক এতিয়া ক’ত বুলি কয়৷ অসমৰ চিভিল চছাইটি বুলি কৈ থকা তেওঁলোক এতিয়া ক’ত৷ অসমৰ যে হাজাৰ বিজাৰ এনজিঅ’ বিলাক আছে তেওঁলোক এতিয়া ক’ত৷

উপস্থিত মিডিয়াক প্ৰশ্ন কৰি আপোনালোকে বেয়া পালেও মোৰ উপায় নাই বুলি কৈ আপোনালোকৰ ভূমিকাও অত্যন্ত দুৰ্বল বুলি কয় অখিলে৷ আপোনালোকে বেছি ভাগেই এতিয়ালৈ হাৰ্ড নিউজ কৰা নাই৷ টোলগে’ট সন্দৰ্ভত আছুৰ নিৰৱতা সন্দৰ্ভত এখন বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ কথা কৈ আছুক অসমৰ মানুহে অতন্দ্ৰ প্ৰহৰী বুলি কৈ থাকে বুলি কয়৷

সদৌ অসম ছাত্ৰ সন্থা ৰাতিয়ে দিনেই পহৰা দি থাকে অসমৰ কিবা ক্ষতি হয় বুলি৷ কিন্তু এতিয়া কোনো মাতবোল নাই৷ অখিলে কয় যে কিছু দিন পূৰ্বে আছুৰ নেতাই টোলগে’টৰ ঘৰ কাটি নিছিল৷ কিন্তু আমি কাটিলে জেলত গলোহেতেন বুলি কয়৷ আমি কাটিলে কৃষক মুক্তিয়ে কাটিলে জেলত যাব লাগিল হেতেন৷ ঘৰ ভাঙি নিলে আৰু টোলেগে’ট খোলাৰ পিছতে নিৰৱে থাকিল৷ অসমত সকলো নিমাত৷ কেৱল অসমীয়া প্ৰতিদিন কাকতত এটা নিউজ ওলাইছে বুলি কৈ টোলগে’ট সন্দৰ্ভত আছুৰ নিৰৱতা সন্দৰ্ভত ৰাজ্যজুৰি ক্ষোভ বুলি বাতৰি প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰে অখিলে৷ 

অথিলে কয় যে পাৰিলে আমাকে ধৰি কিলাব কোনোবাই৷ কিবা কাম কৰিলে সমালোচনা আৰু নকৰিলে অখিল গগৈয়ে মেনেজ হ’ল নেকি বুলি প্ৰশ্ন উত্থাপন হয়৷ দুদিন মাত নিদিলে ঠাণ্ডা হৈ গ’লচোন ভয় খাইছে নেকি বুলি মানুহে প্ৰশ্ন কৰে৷ সংবাদমাধ্যমে কওঁক আমি কি কৰা উচিত৷ অসমত বহু জাতীয়-জনগোষ্ঠীয় সংগঠন আছে সকলোৱে কৈ থাকে আমি অতন্দ্ৰ প্ৰহৰী, দিল্লী-দিছপুৰৰ লুণ্ঠনক বিৰোধিতা কৰো৷ এতিয়া দেখ দেখকৈ নোহোৱা ৰাস্তা এটাই টোলেগে’ট বহুৱাইছে এটাও সংগঠনে মাত মতা নাই কিয়৷ কি হ’ল, ক’ত গ’ল অতন্দ্ৰপ্ৰহৰী বোৰ৷ আমাক সকলোৱে সমালোচনা কৰে৷ তেওঁলোকে ক’ত গ’ল কেন্দ্ৰীয় শোষণ যে দেখ দেখকৈ হৈ আছে৷

অখিল গগৈয়ে ৰাস্তাটোত এতিয়া কাম চলি থকা বুলি কৈ কেই খনমান ফটো দেখুৱাই সংবাদমেলত৷ ৩৭ নং ঘাইপথ বাৰিষা হ’লে বিভিন্ন ঠাইত পানী জমা হৈ যায় বুলি কয়৷ মিডিয়াক এই দৃশ্য সমূহ অসমৰ ৰাইজক দেখুৱাবলৈ অনুৰোধ জনায়৷ আনহাতে জাতি, মাটি আৰু ভেটিৰ চৰকাৰে আপোনালোকক কি কৰিছে চাওক বুলি কৈ আমি যেতিয়া এইটো এটা বেয়া পাৰ্টি আহিছে বুলি কৈছিলোঁ তেতিয়া আপোনোলোকে আমাক ভিলেইন বনাইছিল বুলি ক্ষোভ উজাৰে৷

তথাকথিত পৰিৱৰ্তনৰ চৰকাৰে কৰ বহুওৱা বুলি কয়৷ আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাক ছিণ্ডিকেট মাষ্টৰ আখ্যা দি ভাই ককাই বুলি কয়৷ পীয়ূষে গাখীৰত ধৰিছে, ফলত ধৰিছে, মাছত ধৰিছে কিন্তু ছিণ্ডিকেটৰ কাণ্ডাৰী কোন অসমৰ ৰাইজে জানে সকলো জানে৷ অখিলে যিকোনো প্ৰকাৰে টোলগে’ট বন্ধ কৰা হ’ব বুলি কৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ২২ জুলাইত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰে৷ অসমৰ সকলো জাতীয় সংগঠনক নিমন্ত্ৰণ জনাোৱা হ’ব বুলি কয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷