অভয়াপুৰীঃ উৰুখা পজাৰেই সফলতাৰ বাট বুলিলে আজিজুৰে। এজন সাধাৰণ লোক। সৰু ঠেলাগাড়ী এখনেত ভজা বুটৰ দোকান দি পৰিয়ালটোক কোনোমতে  পোহ-পাল দি আহিছে। লোকজন হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী লেংটিছিঙাৰ জানেইৰমুখৰ জাকিৰ হুছেইন।

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত এইজন জাকিৰ হুছেইনৰে পুত্ৰ আজিজুৰ ৰহমানে পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ ৮৪.৪ শতাংশ নম্বৰ লাভ কৰি সুখ্যতিৰে উত্তীৰ্ণ হোৱা বতৰাই আনন্দৰ জোৱাৰ আনিছে লেংটিছিঙাত।

দৰিদ্ৰতাই যে সফলতাত বাধা হ'ব নোৱাৰে এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱায় আজিজুৰে। প্ৰবল ইচ্ছা শক্তি আৰু অধ্যৱসায়েৰে অভাৱৰ বাধাক নেওচি আজিজুৰে ইংৰাজীত ৮০, অসমীয়াত ৯৩, ৰসায়ন বিজ্ঞানত ৮০, পদাৰ্থ বিজ্ঞানত ৮৬ আৰু জীৱ বিজ্ঞানত ৮৩ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিলেও শংকিত হৈ পৰিছে পিতৃ।

আৰ্থিক দৈন্যতাৰ বাবে আজিজুৰৰ শিক্ষা জীৱনৰ সমাপ্তি ঘটিব নেকি? এই চিন্তাই খুলি খুলি খাইছে আজিজুৰ পিতৃক। আজিজুৰৰ চকুত অযুত সপোন। ভবিষ্যতে এজন সুচিকিৎসক হোৱাৰ মন।

দিনে ৮ ঘণ্টাকৈ অধ্যয়ন কৰা  বিনয়ী আজিজুৰে আজি সংবাদ মাধ্যমৰ আগত অকপটে  স্বীকাৰ কৰে যে লেংটিছিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক-শিক্ষয়ত্ৰী সকলৰ আকুণ্ঠ সহায়-সহযোগিতাৰ বাবেই তেওঁ এই ফলাফল লাভ কৰিবলৈ সমৰ্থ হৈছে। 

মেধাৱী আজিজুৰৰ শৈক্ষিক জীৱনৰ যাতে আধাতে ইতি নপৰে তাৰ বাবে আগুৱাই আহিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উত্তৰ শালমাৰা জিলা সমিতি। সংগঠনটোৱে নিজাববীয়াকৈ সামান্য সহায়-সহযোগিতা প্ৰদানৰ আশ্বাস দিয়াৰ লগতে এই ক্ষেত্ৰত চৰকাৰকো উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।