newsnextone.com| ডিজিটেল ডেস্কঃ লোকসভাত শুকুৰবাৰে বিৰোধী দলৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হয়৷ ১৮ জুলাইৰ পৰা দুয়ো সদনৰ বৰ্ষাকালীন অধিবেশনত বিৰোধী দলে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল৷ ইতিমধ্যে বিৰোধী দলৰ নেতা আৰু শাসকীয় দলৰ নেতাই লোকসভাত নিজ নিজ মন্তব্য দাঙি ধৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে অনাস্থা সন্দৰ্ভত অন্তিম ভাষণ প্ৰদান কৰিব৷ 

জানিব পৰা মতে, বিৰোধী দলৰ অনাস্থা সন্দৰ্ভত ভোটদান অনুষ্ঠিত হ’ব ৭ বজাত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সময় বৃদ্ধি কৰে৷ অসমৰ সাংসদ বদৰুদ্দিন আজমলে বিতৰ্কত অংশ লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে৷ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধান নকৰাৰ অভিযোগ উত্থাপন কৰে৷ আজমলে কয় যে বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব বুলি কৈ বিজেপিয়ে একো নকৰিলে৷