গুৱাহাটীঃ অহা ১৪ মে’ত অনুষ্ঠিত হ’ব আজমল ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা৷ আজমল ফাউণ্ডেছ'নৰ তত্ত্বাৱধানত আয়োজিত এই পৰীক্ষা অসমৰ আটাইকেইখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল আৰু পশ্চিমবংগৰ কেইখনমান জিলাক সামৰি মুঠ ৮৩০ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ৷

চলিত বৰ্ষত এই পৰীক্ষাৰ বাবে ৩৫ লাখ টকাৰ জলপানী ধাৰ্য কৰা হৈছে৷ তিনিটা স্তৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ 'এ' গ্ৰুপত তৃতীয়ৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী ভিত্তিক অসমীয়া, ইংৰাজী আৰু বাংলাৰ যিকোনো এটা মাধ্যমত অৱতীৰ্ণ হ’ব পাৰিব৷ 'বি' গ্ৰুপত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া, ইংৰাজী আৰু বাংলাৰ যিকোনো এটা মাধ্যমত অৱতীৰ্ণ হোৱাৰ বিপৰীতে 'চি' গ্ৰুপত অৱতীৰ্ণ হ’বলগীয়া স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল ইংৰাজী মাধ্যমতহে পৰীক্ষা দিব পাৰিব ৷

উল্লেখ্য, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ লক্ষ্যৰে অনুষ্ঠিত কৰি অহা এই পৰীক্ষাৰ কাৰণে প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন হৈছে অহা ১০ এপ্ৰিল৷ আবেদন মাছুল ১৫০ টকা সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰৰ যোগেদি অথবা www.antse.org.inত লগ অন কৰি অনলাইনৰ জৰিয়তে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব ৷

ইফালে, গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ বাবে ৯৪৩৫০৬২৭০৬ নম্বৰত লখিমপুৰ, ধেমাজী, শোণিতপুৰ, দৰং, ওদালগুৰি, বিশ্বনাথ চাৰিআলি আৰু অৰুণাচল প্ৰদেশৰ বাবে ৯৪৩৫৯২৪৭০৫ নম্বৰত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, উত্তৰ কাছাৰ, ডিমাপুৰ, কামৰূপ(গ্ৰাম্য আৰু নগৰ), মণিপুৰ, ত্ৰিপুৰা আৰু মিজুৰামৰ বাবে ৯৮৫৪১৯৩১৪১ নম্বৰত নলবাৰী, বৰপেটা, বঙাইগাঁও, বাক্সা, কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা, চিৰাং, দক্ষিণ শালমাৰা, পশ্চিমবংগ আৰু মেঘালয়ৰ বাবে ৯৫০৮৯০১৬৬৬ নম্বৰত কাৰ্বিআংলং, পশ্চিম কাৰ্বিআংলং, নগাঁও, হোজাই আৰু মৰিগাঁও জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ৯৮৬৪৬৫৩১৩৫ নম্বৰত নম্বৰত বিতং তথ্যৰ বাবে যোগযোগ কৰিব পাৰিব৷