newsnextone.com। খাৰুপেটীয়াঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি খাৰুপেটীয়াৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান সমূহত শিক্ষক দিৱস পালন কৰা হয়। খাৰুপেটীয়া আজমল কলেজেত শিক্ষক দিৱস উপলক্ষে এখনি গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাখনত  চাৰিজনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

খাৰুপেটীয়া অঞ্চলৰ অৱসৰী শিক্ষক তথা সাহিত্যিক প্ৰমোদ ৰঞ্জন সাহা, অৱসৰী প্ৰধান শিক্ষক ও সমাজ সেৱক  আখেৰ উদ্দিন আহমেদ,আব্দুৰ ৰহমান আৰু অৱসৰী প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাসিক মেছেৰ আলী। চাৰিও  গৰাকী সন্মানীয় ব্যক্তিক ফুলৰ থোপা, ফুলাম গামোচা , শৰাই , জাপি, চেলেং চাদ্দৰ মান পত্ৰ আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

সম্বৰ্দ্ধনা জ্ঞাপনৰ পিছত বয়োজ্যেষ্ঠ ব্যক্তি সকলে ভাষণত আত্মসন্তুষ্টি প্ৰকাশ কৰাৰ  লগতে মনৰ কথা ব্যক্ত কৰি আৱেগবিহ্বল হৈ পৰে। অনুষ্ঠানত কলেজৰ অধ্যক্ষ ডঃ নজৰুল ইছলাম, কলেজখনৰ অধ্যক্ষ দিলোৱাৰ হুছেইন, উপাধ্যক্ষ ৰবিউল ইছলাম, শিক্ষক-শিক্ষয়িত্রীৰ লগতে তিনিশতাধিক ছাত্র-ছাত্ৰী উপস্থিত থাকে।