গুৱাহাটীঃ অগপৰ সভাপতি অতুল বৰাই নিজৰ কৃষি বিভাগত সংঘটিত হোৱা ট্ৰেক্টৰ বিতৰণ আৰু চৰকাৰী বীজ বিতৰণৰ কেলেংকাৰীৰপৰা নিজকে ৰক্ষা কৰাৰ বাবে বিজেপিৰ ওচৰত বন্ধকত ৰাখিছে অগপ দলক। লগতে কেশৱ মহন্ত জলসম্পদ বিভাগত ভাতৃ কৃষ্ণ মহন্তই মথাউৰিৰ নিৰ্মানৰ নামত সংঘটিত কৰা ব্যাপক দুৰ্নীতিৰ ঢাকিবৰ বাবে যোৱা লোকসভাৰ নিৰ্বাচনত দলৰ ৯৫% শতাংশ কাৰ্যনিৰ্বাহক সদস্যই বিজেপিৰে নিৰ্বাচনী মিত্ৰতা বিৰোধিতা কৰাৰ পাছতো অতুল বৰা আৰু কেশৱ মহন্তই মিত্ৰতা কৰিলে।
এই গুৰুত্বৰ অভিযোগ অগপৰ পদত্যাগী কেন্দ্ৰীয় আইন উপদেষ্টা হেমেন বৰাৰ। শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত আইন উপদেষ্টা গৰাকীয়ে এক সংবাদ মেল সম্বোধন কৰি অগপ দলৰ সভাপতি অতুল বৰাই যোৱা ৮ মে’ তাৰিখৰ দিনা তেজপুৰত দলৰ প্ৰতিস্থাপন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বিজেপিৰে মিত্ৰতা বিৰোধিতাৰ কৰাৰ বাবে যি ভাবুকি প্ৰদান কৰিছিল তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। লগতে কয় অতুল বৰাই সংবাদ মাধ্যমৰ আগত বিজেপিৰে মিত্ৰতা সন্দৰ্ভত যি দলৰ সামূহিক সিদ্ধান্ত বুলি উল্লেখ কৰিছিল সেই কথা কটাক্ষ কৰি প্ৰাক্তন আইন উপদেষ্টা গৰাকীয়ে কয় যে সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই কেৱল নিজৰ স্বাৰ্থৰ বাবেহে মিত্ৰতা কৰিছে। আনহে নালাগে লোকসভাৰ নিৰ্বাচনৰ বাবে যোৱা ২০ ফেব্ৰুৱাৰীত দলৰ মুখ্যকাৰ্যলয়ত যি কাৰ্যনিৰ্বাহক সভা অনুস্থিত হৈছিল সেই সভাত কাৰ্যনিৰ্বাহক সদস্য সকলে ‘কেব’ বিৰোধী যিকোনো দলৰ লগতে প্ৰয়োজনত মিত্ৰতা হ’ব পাৰে। কিন্তু বিজেপিৰ লগত কোনো কাৰণতে মিত্ৰতা হ’ব নোৱাৰে বুলি কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কেশৱ মহন্ত আৰু অতুল বৰাই ধনবল আৰু বাহুবল বাবে দলৰ উদ্ধত গৈ বিজেপিৰ লগত মিত্ৰতা কৰিছে।