ফাইল ফটো
ফাইল ফটো

ওদালগুৰিঃ বিপিএফ দলৰ বিৰুদ্ধে ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ মিথ্যাচাৰেৰে বিটিচি নিৰ্বাচন জিকি শাসনৰ গাদীত বহি থকাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ যোৱা ১০ ফেব্ৰুৱাৰীত বিপিএফ দলে জাকমকতাৰে বডোলেণ্ড দিৱস পালন কৰাৰ দুদিন পিছতেই গুৰুতৰ অভিযোগ উত্থাপন কৰি ক্ষোভ জাহিৰ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷

সংগঠনটোৰ ওদালগুৰি জিলা সমিতিয়ে দলটোৰ ভুৱা প্ৰতিশ্ৰুতিসমূহ পোহৰলৈ আহিবলৈ ধৰিছে বুলি কৈ বিগত বিটিচি নিৰ্বাচনৰ পূৰ্বে ওদালগুৰিৰ প্ৰতিটো জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ সৈতে বৈঠক অনুষ্ঠিত কৰি দলটোৱে বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও নিৰ্বাচনৰ পিছত সকলো প্ৰতিশ্ৰুতি ফোটোকাৰ-ফেন হৈ পৰিল বুলি কয় সংগঠনটোৱে।

বিগত ন’ ফেব্ৰুৱাৰীত ওদালগুৰি চিলাৰায় ভৱনত সংবাদমেল অনুষ্ঠিত কৰি ছাত্ৰাবাস নিৰ্মাণৰ নামত বিটিচি কৰ্তৃপক্ষই কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক অপমান কৰা বুলি আক্ৰাছুৱে দাবী কৰাৰ পাছত বিপিএফ দলৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন কৰিছে যুৱ ছাত্ৰ পৰিষদে। এইবাৰ শ্বহীদক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি বিটিচি চৰকাৰখনৰ বিৰুদ্ধে গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে।

সংগঠনটোৱে এক বিবৃতি যোগে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উদাৰ মনোভাৱৰ বিপৰীতে দলৰ একাংশ নেতা-পালিনেতাৰ কুটিল ৰাজনীতিৰ জৰিয়তে ওদালগুৰি জিলাৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহৰ মাজত বিভাজনৰ ৰাজনীতিৰ লগতে শ্বহীদক অপমান কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহনা দিয়ে।

বিবৃতিটোত উল্লেখ কৰে যে বিটিচি প্ৰশাসনে বিগত কাৰ্যকালত যুৱ ছাত্ৰ পৰিষদ আৰু ওদালগুৰিৰ কেইবাটাও সংগঠনৰ সৈতে এক আলোচনা অনুষ্ঠিত কৰি ওদালগুৰিত শ্বহীদ বিপুল মহন্ত সোঁৱৰণী পুথিভড়াল তথা ছাত্ৰাবাস নিৰ্মাণৰ লগতে ওদালগুৰি অঞ্চলত ঐক্যবদ্ধভাৱে কাম কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচটাকৈ সংগঠনৰ বাবে সুকীয়াকৈ একোটাকৈ ছাত্ৰাবাস তথা পুথিভড়াল নিৰ্মাণৰ প্ৰস্তাব আগবঢ়াইছিল।

ফলত হাগ্ৰামাৰ আহ্বান অনুসৰিয়ে যুৱ-ছাত্ৰ পৰিষদৰ লগতে আন সংগঠনেও হাগ্ৰামাৰ লগতে বিটিচিৰ প্ৰায়বোৰ বিষয়াৰ উপস্থিতিত প্ৰস্তাৱিত ছাত্ৰাবাস তথা পুথিভড়ালৰ প্ৰাকঃকলন জমা দিছিল যদিও বিটিচি প্ৰধান গৰাকীয়ে যাৱতীয় পুজি অহালৈ সকলোকে অপেক্ষা কৰিবলৈ আহ্বান জষাইছিল।

কিন্তো পৰৱৰ্তী সময়ত নিৰ্বাচনী অধিসুচনা জাৰি হোৱাত পৰৱৰ্তী সময়ত নিৰ্বাচনৰ ইস্তাহাৰত শ্বহীদ বিপুল মহন্ত সোৱৰণী ছাত্ৰাবাস তথা পুথিভড়ালসহ অন্য সংগঠনৰ ছাত্ৰাবাসসমূহ নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল।

নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠনৰ পাছত অন্য সংগঠনসমূহৰ ছাত্ৰাবাসসমূহ নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা কৰা হ'ল যদিও শ্বহীদ গৰাকীৰ নামত নিৰ্মাণ হ’বলগীয়া ছাত্ৰাবাস তথা পুথিভড়ালটো ৰহস্যজনকভাৱে নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক স্থিতি স্পষ্ট কৰাৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে। অন্যথা ইয়াৰ বিৰুদ্ধে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জিলা সভাপতি-সম্পাদক কণ্ঠ কুমাৰ দাস আৰু জ্যোতিষ বৰদলৈয়ে৷