চিচিবৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ঘোষণা কৰা কাৰ্যসূচী স্থগিত কৰা বুলি জানিব পৰা গৈছে৷ ধেমাজি জিলাৰ জোনাই মহকুমাত জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিয়ে পানী যোগান ধৰিব নোৱাৰাত সংগঠনটোৱে বিভাগটোৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে৷
জোনাইৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিয়ে।