73
পাঞ্জাবাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ মধ্য গুৱাহাটী আঞ্চলিক সমিতিয়ে এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মহানগৰীৰ দক্ষিণ শৰণীয়া দূৰ্গা পূজা প্ৰাংগনত আজি ৰাভা দিবস পালন কৰে।
পূৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ পাছতে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে সংগঠটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক সঞ্জীৱ কুমাৰ বৰাই। দূপৰীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু শিল্পী গৰাকী ৰচনা কৰা কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।