ওদালগুৰিঃ শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা কন্দ্ৰীয় প্ৰতিনিধিৰ দল ওদালগুৰি জিলা ভ্ৰমণ কৰে৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি-সাধাৰণ সম্পাদকে ধৰি প্ৰতিনিধিৰ দলটোৱে ওদালগুৰিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্বহীদ ভৱনত এক সাংগঠনিক সভা অনুষ্ঠিত কৰে। সভাত ওদালগুৰি জিলাত সংগঠনটোৰ স্থিতি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় সমিতিখনে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সভাত বৰ্তমান সময়ত ওদালগুৰি জিলাৰ সমস্যা তথা সংগঠনটোৰ কাম-কাজ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে।
সাংবাদিকৰে মুখামুখি হৈ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে সংগঠনটোৰ সাংগঠনিক দিশটো টনকীয়াল কৰাৰ বাবে কেন্দ্ৰীয় সমিতিখনে ৰাজ্য বিভিন্ন জিলা ভ্ৰমণ কৰি আহিছে বুলি কয়। আগন্তুক ৩১ডিচেম্বৰত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা সন্দৰ্ভত মন্তব্য প্ৰকাশকৰি সংগঠনটোৰ সম্পাদকগৰাকীয়ে আমি সকলোৱ এনআৰচিত যাতে এগৰাকী বিদেশীৰ নামো অন্তৰ্ভুক্ত নোহোৱাৰ লগতে এজনো খিলঞ্জীয়াৰ নাম যাতে বাদ নপৰে তাৰ ওপৰত মন দিব লাগিব বুলি কয়।