ডিব্ৰুগড়ঃ চৰকাৰৰ জনবিৰোধি নীতি, অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ, হিন্দু বাংলাদেশী সংস্থাপন ৰোধ, তৈল খাদ নিলাম আদি বিষয়ত নেৰানেপেৰা আন্দোলন কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে৷ জাতিৰ অস্বিত্ব ৰক্ষা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু অধিকাৰক প্ৰাধান্য দি আপোচবিহীন সংগ্ৰাম কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে৷ ৰাজ্য খনৰ সংকটৰ কালত অসম অাৰু অসমীয়া জাতিৰ সৰ্বাত্মক স্ব-নিয়ন্ত্রণৰ অধিকাৰ সাব্যস্তকৰণৰ দাবীত জন্মলগ্নৰে পৰা অবিৰত গণতান্তিকভাৱে অান্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অাহিছে৷
কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ মূল সমস্যা সমাধানত গুৰুত্ব নিদি অবৈধ হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ, অসমৰ মাটি বৃহওৰ নাগালিমত অৰ্ন্তভূক্ত কৰিবলৈ ব্লু-প্ৰিন্ট ৰচনা কৰিছে বুলি সময়ে সময়ে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সংগঠনটোৱে৷ এইবাৰ সংগঠনটোৱে ৰাইজৰ সৈতে মুখামুখী হোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছে অভিৱৰ্তন৷ অসমত পূৰ্ণ স্বায়ত্ব শাসন প্ৰৱৰ্তন, দ্বি-নাগৰিকত্ব ব্যৱস্থা আৰু অন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত শনিবাৰে এখন অভিৱৰ্তন অনুষ্ঠিত কৰে। ডিব্ৰুগড় জিলা পুথিভঁৰালত যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা অভিৱৰ্তনত সভাপতিত্ব কৰে পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গিৰিন চেতিয়াই।