ঢেকীয়াজুলিঃ যেতিয়াই অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহে তেতিয়াই সবল ভূমিকা পালন কৰি জাতিৰ ওচৰত থিয় দিয়ে অসমৰ একমাত্ৰ জাতীয়তাবাদী সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ জনমতৰ বিৰুদ্ধে গৈ চৰকাৰে কৰা কামৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাইজৰ পক্ষত থিয় দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷
অসমত পূৰ্ণ স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা, দ্বি-নাগৰিকত্বৰ ব্যৱস্থা কৰা, আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰা, চাহপাতৰ মুখ্য নিলাম কাৰ্যালয় অসমলৈ হস্থান্তৰ কৰা আদি দাবীত তিনিটা দশক ধৰি সংগ্ৰাম কৰি আহিছে সংগঠনটোৱে৷ কৃষক, হালুৱা, ছাত্ৰ, শিক্ষক, যুৱ সমাজৰ সংগঠন বুলি কোৱা সংগঠনটোৰ তেজপুৰ জিলা সমিতিৰ অষ্টদশ দ্বিবাৰ্ষিক অধিৱেশন দেওবাৰে শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হৈ যায়৷