Home ৰাজ্যঅসমক সম্পদৰ অধিকাৰ প্ৰদানৰ দাবী যুৱ-ছাত্ৰ পৰিষদৰ

অসমক সম্পদৰ অধিকাৰ প্ৰদানৰ দাবী যুৱ-ছাত্ৰ পৰিষদৰ

by News Desk
61 views
A+A-
Reset

চৰাইদেউঃ ৰাজ্যখনত এই পৰ্য্যন্ত ৭৪ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু প্ৰায় ২৫ লক্ষ লোকক ক্ষতিগ্ৰস্ত কৰা সংহাৰী বানত অসমৰ ৰাইজ আজি সৰ্বস্বান্ত। এনে পৰিস্থিতিত অসমৰ বানাক্ৰান্তক এটকাও সাহায্য নিদি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ বানপীড়িতক ৫০০ কোটি টকাৰ সাহায্য প্ৰদান কৰি দিল্লীৰ মচনদত থকা সকলৰ অসমৰ প্ৰতি থকা পৰম্পৰাগত বৈষম্যমূলক নীতিকে পুনৰ প্ৰমাণিত কৰিলে। এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ অসমৰ প্ৰতি কৰা এই চৰম প্ৰৱঞ্চনা কেৱল এই বছৰেই নহয় বিগত বৰ্ষসমূহতো পৰিলক্ষিত হৈছিল।

বিগত সময়ত সংহাৰী বানত বিধস্ত অসমৰ ৰাইজক সাহায্য প্ৰদান নকৰি নৰেন্দ্ৰ মোদী চৰকাৰে কাশ্মীৰ, তামিলনাডু আৰু পশ্চিমবংগৰ দৰে ৰাজ্যসমূহক হাজাৰ হাজাৰ কোটি টকাৰ বান সাহায্য প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি কৰা এনে বৈষম্যমূলক আচৰণ আৰু প্ৰৱঞ্চনাক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। অসমৰ এই সংহাৰী বানত হেজাৰ হেজাৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শ-শ বিঘা কৃষি ভূমি বালিত পোত যোৱাৰ উপৰিও গৰাখহনীয়াত নদীৰ বুকুত জাহ গৈছে ঘৰ-ভেঁটি, খেতি মাটি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0