চৰাইদেউঃ কোনে বন্ধ দিছে অসম৷ ভূৱা প্ৰচাৰ চলিছে অসম বন্ধৰ৷ কেইবাটাও সংগঠনে বন্ধ সন্দৰ্ভত স্পষ্টি কৰণ দিয়াৰ লগতে অহা ২০ আৰু ২১ জুলাইত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কোনো ধৰণৰ ৪৮ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনোৱা নাই বুলি আজি স্পষ্ট কৰে।
এক বিবৃতি যোগে সংগঠটোৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ২০ আৰু ২১ জুলাইত কোনো অজ্ঞাত সংগঠনে অসম বন্ধ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজৰ মাজত যুৱ-ছাত্ৰ পৰিষদে বন্ধ আহ্বান কৰা বুলি প্ৰচাৰ হোৱাটো প্ৰকৃততে মিছা আৰু ভিত্তিহীন বুলি কয়।