লালুকঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰূপায়ণ কৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচীয়ে ৩০ ঘন্টা পাৰ কৰিলে৷ সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰত বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাৱীত আমৰন অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল৷
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ ঘোষণা নকৰালৈকে আৰু ৰঙানদী প্ৰকল্পৰ বিষয়াক শাস্তি প্ৰদান নকৰালৈকে এই প্ৰতিবাদ চলি থাকিব বুলি কয়৷ শতাধিক যুৱ-ছাত্ৰৰ নেতা-কৰ্মীয়ে অামৰণ-অনশনত বহি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷